হোজাই, 15 মাৰ্চ : হোজাই জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Police operation against drugs) । সোমবাৰে গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ডবকা চহৰৰ 1 নং ৱাৰ্ডৰ ডবকা আৰক্ষী আৰু হোজাই জিলা আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায় ।
আৰক্ষীয়ে চলোৱা এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী এহাল দম্পতীক আটক কৰাৰ লগতে তিনিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহজনক হেৰ'ইন জব্দ কৰে (Suspected Heroin seized in Hojai) । জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ 80 গ্ৰাম । লগতে 80 হেজাৰ নগদ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো । আটকাধীন মহিলাগৰাকীৰ নাম আচিয়া বেগম আৰু লোকজনৰ নাম ফাৰুক হুছেইন বুলি জানিব পৰা গৈছে (Drugs peddler arrested by Hojai police) । দুয়োজন ডবকা থানাৰ অন্তর্গত হালধিআটীৰ দিখাৰুমুখ গাঁৱৰ ৷
ইফালে, ড্ৰাগছখিনি ক'ৰ পৰা কেনেকৈ আৰু কাক বিক্ৰী কৰিবলৈ আনিছিল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই । সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুয়োকে মাৰাথন জেৰা কৰাৰ লগতে এটা গোচৰ তৰি শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ।
লগতে পঢ়ক : জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে কাশ্মিৰী পণ্ডিতৰ প্ৰসংগৰে The Kashmir Files