ETV Bharat / state

Drug Peddler detained:হোজাইৰ লামডিঙত জব্দ ড্ৰাগছসহ চুৰি সামগ্ৰী - Anti Drugs Mission in Assam

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান । ইয়াৰ মাজতেই লামডিং ৰে'লৱে সুৰক্ষা বাহিনীৰ বিশেষ দল চি আই বি আৰু ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিলে ড্ৰাগছ ।

Crime news of Hojai
ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 3:08 PM IST

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান

হোজাই, ১১ ছেপ্টেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে হোজাইত আৰক্ষীয়ে প্ৰতিদিনাই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ আনদিনাৰ দৰে সোমবাৰে পুৱতি নিশাও আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ লগতে ম'বাইল ফোন,বেগ আদি ৷

সোমবাৰে পুৱতি নিশা লামডিং ৰে'লৱে সুৰক্ষা বাহিনীৰ বিশেষ দল চি আই বি আৰু ৰে'ল আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰে । এই অভিযানকাৰী দলটোৱে চলন্ত ৰে'লৰ পৰা ৮৬ লক্ষাধিক মূল্যৰ ৪৩০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । চলন্ত ৰে'লত যাত্ৰীসকলৰ ম'বাইল ফোন, বেগ আদি মূল্যৱান সামগ্ৰী চুৰি কৰা এটা বৃহৎ চক্ৰক ৰে'লৱে সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়তেই উদ্ধাৰ হয় ড্ৰাগছখিনি উদ্ধাৰ হয় । ম'বাইল চোৰক ধৰিবলৈ গৈ ৰে'লৱে সুৰক্ষা বাহিনীৰ হাতত ব্ৰাউন ছুগাৰ সৰৱৰাহকাৰীও জালত পৰে ৷

প্ৰথমতে চলন্ত ৰে'লত লামডিং ৰে'লৱে আৰক্ষী আৰু ৰে'লৱে সুৰক্ষা বাহিনীৰ বিশেষ দল চি আই বি আৰু ৰে'ল আৰক্ষীয়ে ২২৫০৪ বিবেক এক্সপ্ৰেছৰ পৰা দুটাকৈ দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে ৷ ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিক্তিত ডিমাপুৰ ৰে'লৱে ষ্টেচনৰ পৰা চুৰি চক্ৰটোৰ আৰু ৭টাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । এই চোৰ চক্ৰটোৰ পৰা ৯ টাকৈ ম'বাইল ফোন,নগদ ধনসহ ৮৬ লাখ টকাৰ ৪৩০ গ্ৰাম ব্ৰাউন ছুগাৰো জব্দ কৰে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৯ টা অভিযুক্ত দিলৱাৰ হুচেইন,আচড আলী,মাচোক হুচেইন,নিউটন দাস,মোৰচিদ আলী,বিপুল দাস,মুকেশ কুমাৰ,আনোৱাৰ হুচেইন আৰু শংকৰ দত্ত বুলি সদৰী কৰিছে । ধৃত অভিযুক্ত কেইটা নগাঁও আৰু ডিমাপুৰৰ বাসিন্দা । আৰক্ষীয়ে আটাইকেইজনকে সোধ-পোছ অব্যাহত ৰাখিছে । এই চক্ৰটোত আৰু কেইজন জড়িত আছে সেই সন্দৰ্ভত তদন্ত চলাই থকা বুলি কয় ৰে'লৱে সুৰক্ষা বাহিনীৰ বিষয়াগৰাকীয়ে । লামডিং আৰ পি এফ চি আই বি দল আৰু লামডিং জি আৰ পিৰ যৌথ অভিযানত এই ৯ জনীয়া অপৰাধীৰ চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Yaba tablets Seized: সোণাইত বৃহৎ পৰিমাণৰ নিচযুক্ত টেবলেটসহ আৰক্ষীৰ জালত চাৰি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.