ETV Bharat / state

Public awareness meeting: হোজাইত নিচাজাতীয় সামগ্ৰী আৰু বাল্য বিবাহ প্ৰচলনৰ বিৰুদ্ধে সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:28 PM IST

নিচাযুক্ত সামগ্ৰী আৰু বাল্য বিবাহৰ দৰে অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰশাসন ৷ ইয়াৰ মাজতে হোজাইত ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী সেৱন, বিক্ৰীৰ লগত জড়িত থাকিব আৰু বাল্য বিবাহৰ লগত জড়িত থকা সকলোকো সামাজিকভাৱে গাঁৱৰ পৰা বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷

Etv BharatPublic awareness meeting
Etv Bharatহোজাইত নিচাজাতীয় সামগ্ৰী আৰু বাল্য বিবাহ প্ৰচলনৰ বিৰুদ্ধে সজাগতা সভা
হোজাইত নিচাজাতীয় সামগ্ৰী আৰু বাল্য বিবাহ প্ৰচলনৰ বিৰুদ্ধে সজাগতা সভা

হোজাই, 6 নৱেম্বৰ: ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ কৰাল গ্ৰাসত সোমাই পৰিছে একাংশ লোক ৷ ইয়াৰ সমান্তাৰলকে প্ৰশাসনে নিচাজাতীয় সামগ্ৰীসমূহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা অব্যাহত আছে ৷

দেওবাৰে বিয়লি হোজাই জিলাৰ ডবকাৰ চাংমাজি গাঁৱত ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী আৰু বাল্য বিবাহ প্ৰচলনৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিছে ৷ চাংমাজি পাৰ্টনাৰ্চ ক্লাব আৰু ই-ৰিক্সা চালক সন্থাৰ দ্বাৰা চাংমাজি এম ই স্কুলত প্ৰাংগনত অনুস্থিত হোৱা সভাখনত দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সৈতে ডবকা অঞ্চলৰ সমাজ সচেতক আন আন গন্য মান্য ব্যক্তিসকল ৷ সভাত বৰ্তমানৰ যুৱ প্ৰজন্মক ড্ৰাগছে কিদৰে গ্ৰাস কৰিছে সেই বিষয়ে বুজাই দিয়ে বক্তাসকলে ৷
লগতে বাল্য বিবাহে কিদৰে এগৰাকী কিশোৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে, সংসাৰ চলোৱাৰ সাধাৰণ জ্ঞান নথকাৰ ফলত পৰৱৰ্তী সময়ত সাংসাৰিক জীৱনত কিদৰে বিশৃংখল সৃষ্টি হয় সেই বিষয়ে বিতংভাৱে বুজাই দিয়ে ৷

সভাত কেইবাখনো মছজিদ পৰিচালনা সমিতিৰ সভাপতি/সম্পাদক, ইমানসকলৰ লগত হোৱা আলোচনা মৰ্মে যি সকলে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰী সেৱন, বিক্ৰীৰ লগত জড়িত থাকিব আৰু বাল্য বিবাহৰ লগত জড়িত থকা সকলোকো সামাজিকভাৱে গাঁৱৰ পৰা বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

অকল ইমানেই নহয় সামাজিকভাৱে বৰ্জিত এইসকল লোকৰ পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ’লে জনাজা অথবা অন্তিম সৎকাৰতো গাঁৱৰ ৰাইজে ভাগ নলয় বুলি আয়োজকে জানিবলৈ দিয়ে ৷ এই সজাগতা সভাত অংশ লৈ উৎফুল্লিত হৈ পৰিছে গঞা ৷

লগতে পঢ়ক: Murder case : আজান দি থকাৰ সময়তে ইমামক ডিঙি কাটি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.