হোজাই, 22 জুলাই : ৰাজ্যৰ চৌপাশে বিয়পিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অসম আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাছতে এতিয়া ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী ৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত লামডিঙতো বুধবাৰে নিশা চলিলে ড্ৰাগছ বিৰোধী অভিযান ৷ অৱশেষত লামডিং আৰক্ষীৰ জালত পৰিল লামডিঙৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷
ব্ৰাউন চুগাৰসহ কুখ্যাত ড্ৰাগছ মাফিয়া বগা বাবুক আটক কৰে লামডিং আৰক্ষীয়ে । লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শক নিলোৎপল ভূঞাই নিশা অভিযান চলাই তিনিজন ড্ৰাগছ মাফিয়াক ব্ৰাউন চুগাৰসহ আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা তিনিজনৰ নাম ক্ৰমে- নৱৰাজ চক্ৰৱৰ্তী, সঞ্জীৱ দে, বাবুল দে ওৰফে বগা বাবু ৷
লগতে পঢ়ক: ড্ৰাগছ ল’বলৈ নাপাই চুৰিকাৰ্যত নামিছে ড্ৰাগছ আসক্ত যুৱক
বিগত বহু বছৰ ধৰি লামডিং তথা আশে-পাশে থকা বিভিন্ন অঞ্চলসমূহত বাবুল দে’ ওৰফে বগা বাবুৱে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ উল্লেখ্য যে, লামডিং ৰে’ল ডিভিজনৰ অন্তৰ্গত মান্দাদিচাত ৰে’ল বিভাগৰ চতুৰ্থবৰ্গত কৰ্মৰত এই বগা বাবু ৷ চাকৰিৰ সুযোগলৈ বহু যুৱকৰ জীৱন ধ্বংস কৰি লামডিঙত ত্ৰাস সৃষ্টি কৰি আহিছিল বগা বাবুয়ে ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা 15.85 গ্ৰাম ব্ৰাউন চুগাৰৰ 7 টা কণ্টেইনাৰ উদ্ধাৰ কৰে ৷
উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবিখন ৷ ইতিমধ্যে ৰাজ্যত জব্দ হোৱা বুজন পৰিমাণৰ ড্ৰাগছ নষ্ট কৰা কাৰ্যসূচী আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ ড্ৰাগছৰ বেহাত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
ইফালে আৰক্ষী-প্ৰশাসন সৰৱ হোৱাৰ বাবে ড্ৰাগছ নাপাই বহু যুৱকে ঘৰুৱা সা-সম্পত্তি ধ্বংস কৰাৰ লগতে অন্য কিছুসংখ্যকে চুৰি কাৰ্যত নমা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছৰ এই ভয়াৱহ ছবিত যুৱ-প্ৰজন্ম জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ ড্ৰাগছে গ্ৰাস কৰা সমাজখনত এতিয়া একপ্ৰকাৰ ধ্বংসৰ মুখলৈ গতি কৰিছে কিছুসংখ্যক যুৱকে ৷