ETV Bharat / state

হোজাইত ৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ আটক এজন

author img

By

Published : Jul 19, 2021, 2:26 PM IST

হোজাই জিলাৰ শংকৰদেৱ নগৰৰ খেলপথাৰত দেওবাৰে জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত দেওবাৰে নিশাই লংকা আৰক্ষীয়ে অভিযান চলাই পুনৰ ড্ৰাগছসহ এজনক আটক কৰে ৷

হোজাইত ৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ আটক এজন
হোজাইত ৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ আটক এজন

হোজাই, 19 জুলাই : হোজাই জিলাৰ লংকা আৰক্ষীয়ে দেওবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানৰ সময়ত লংকা আৰক্ষীয়ে ৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ এজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন সৰবৰাহকাৰীটো ৰাকেশ সিং বুলি জানিব পৰা হৈছে । জব্দকৃত ড্ৰাগছখিনি হেৰ'ইন অথবা ব্ৰাউন চুগাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লংকা আৰক্ষীয়ে (Lanka Police) ৰাকেশ সিঙৰ পৰা প্ৰায় 34 গ্ৰাম ড্ৰাগছৰ লগতে নগদ ৪০,৫৫০ হাজাৰ টকা জব্দ কৰে ৷ উল্লেখ্য যে, দেওবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ খেলপথাৰত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ এই অনুষ্ঠানত 324.732 গ্ৰাম হেৰ'ইন, 1015 কিল’ 627 গ্ৰাম গাঞ্জা, 35,522 টা নিচাযুক্ত টেবলেট দাহ কৰা হৈছিল ৷

অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰিছে ৷ ড্ৰাগছৰ কু-প্ৰভাৱৰ ফলত বহু যুৱক-যুৱতীৰ ভৱিষ্যতৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি হোৱাৰ লগতে বহু পৰিয়াল ধ্বংস হৈছে ৷

লগতে পঢ়ক : সোনাইত বিধায়কৰ সৈতে প্ৰাক্তন বিধায়কৰ সংঘাট তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.