হোজাই, 15 মে': বিজেপিত এলাগী হৈছে নেকি বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ ? বৰ্তমান এই প্ৰশ্ন উদয় হৈছে হোজাইবাসী ৰাইজৰ মনত ৷ কিয়নো 14 মে' তাৰিখে সন্ধিয়া হোজাইৰ শংকৰদেৱ নগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী নৱকুমাৰ দলেৰ উপস্থিতিত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত দেখা নগ'ল বিভিন্ন বিতৰ্কিত মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰা বিধায়ক জনক ৷
![Does BJP asided MLA Siladitya Dev, meeting held in DC office of Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/hojaiupstitmonti_15052020064434_1505f_1589505274_741.jpg)
উল্লেখ্য যে, হোজাই জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সমূহৰ ওপৰত আলোচনা কৰাৰ বাবে অনুষ্ঠিত কৰা হৈছিল উক্ত পৰ্যালোচনা সভা ৷ কিন্তু ৰহস্যজনক ভাৱে উক্ত গুৰুত্বপূৰ্ণ সভা খনত উপস্থিত নাথাকিল হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ আৰু লামডিংৰ বিধায়ক শিৱু মিশ্ৰ ৷
অৱশ্যে বিধায়ক দুজন উপস্থিত নথকাৰ কাৰণ মন্ত্ৰী নৱকুমাৰ দলে ব্যাখ্যা কৰিলেও পতিয়ন নিয়াব পৰা নাই সমষ্টিৰ ৰাইজক ৷ উল্লেখ্য যে, এই পৰ্যালোচনা সভাত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত সদনেক সিং, জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী সহ বিভাগটোৰ বহুকেইজন শীৰ্ষ বিষয়া ৷
লগতে পঢ়ক: মাস্ক বিক্ৰী কৰিয়েই আত্মসহায়ক গোটৰ হাতলৈ আহিল ৭.১৫ কোটি