হোজাই,৭ জুনঃ হোজাই জিলাৰ ডবকা ভেলৌগুৰিত আৰ্তজনৰ ওচৰত থিয় দিছে আজমল ফাউণ্ডেশ্বনে । এফালে কৰ'ণা মহামাৰি আনফালে বান, এই সংহাৰৰ মাজতে ডবকা ভেলৌগুৰিত আৰ্তজনৰ ওচৰত থিয় দিছে সংগঠনটোৱে ৷
অঞ্চলটোত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰন কৰাৰ লগতে দুখীয়া চাহজনজাতি লোকসকলক বিশেষ উপহাৰ হিচাবে প্ৰথম পৰ্যায়ত 20 টাকৈ ঘৰ সাজি দিয়ে সংগঠনটোৱে ৷ প্ৰতিটো পৰিয়ালকে একোটাকৈ পকী ঘৰ সাজি দিয়ে আজমল ফাউণ্ডেশ্বনে ৷ ইপিনে দেওবাৰে হোজাই আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰানে আনুষ্ঠানিকভাৱে প্ৰথমটো গৃহ উদ্বোধন কৰে ৷ চাহজনজাতি লোকসকলে আজমল ফাউণ্ডেশ্বনক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷