ETV Bharat / state

ডবকাৰ মোৰাঝাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস - morajhar land mafia

মোৰাঝাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস ৷ ভূ-মাফিয়া চক্ৰই ভয়-ভাবুকিৰে এগৰাকী বৃদ্ধা মহিলাৰ পৰা ভূমি বেদখল কৰাৰ অভিযোগ ৷ ভূমি বেদখল কাৰ্যত নাম সাঙোৰ খাইছে বুৰুংগাতলী পঞ্চায়তৰ সভাপতি ৰুহুল আলীৰ ৷

daboka land mafiya
ডবকাৰ মোৰাঝাৰত ভু-মাফিয়াৰ সন্ত্ৰাস
author img

By

Published : Jun 20, 2021, 10:56 PM IST

হোজাই, 20 জুন : হোজাই জিলাৰ ডবকাৰ মোৰাঝাৰত ভূ-মাফিয়াৰ সন্ত্ৰাসৰ ঘটনা পোহৰলৈ আহিছে ৷ ভূ-মাফিয়া চক্ৰই ভয়-ভাবুকিৰে এগৰাকী বৃদ্ধা মহিলাৰ পৰা ভূমি বেদখল কৰা বুলি জানিব পৰা গৈছে ৷ নিশাৰ ভিতৰতে এগৰাকী বৃদ্ধাৰ ভূমি বেদখল কৰি ঘৰ সজাৰ অভিযোগ বুৰুংগা গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে আন কেবাজনৰ বিৰুদ্ধে ৷ আৰক্ষীৰ এইক্ষেত্ৰত পক্ষপাতিত্বৰ অভিযোগ বৃদ্ধা মহিলাৰ ৷

ধনৰ প্ৰভাৱেৰে মহিলাগৰাকীৰ পুত্ৰক ভুৱা গোচৰত জেললৈ পঠিয়াই ভূমি বেদখল কৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে ৷ একাংশ সহজ-সৰল লোকক ভয়-ভাবুকি প্ৰদান কৰি এই চক্ৰটোৱে ভূমি বেদখল কৰি অব্যাহত ৰাখিছে সন্ত্ৰাস ৷ জানিব পৰা মতে, মোৰাঝাৰ থানাৰ অন্তৰ্গত বৰপুখুৰী গাঁৱৰ জয়গুন নেছা নামৰ বৃদ্ধাগৰাকীৰ নিজৰ নামত থকা ৭৫ লেচা মাটি আব্দুল শুক্কুৰ, আব্দুল নুৰ, আব্দুছ ছালাম সহ আন কেবাজনে বলপূৰ্বক বেদখল কৰাৰ অভিযোগ কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে ৷

ডবকাৰ মোৰাঝাৰত ভূ-মাফিয়াৰ সন্ত্ৰাস

অকল ইমানেই নহয় বেদখলকাৰীসকলৰ লগত অহা একাংশ লোকে পৰিয়ালটোৰ লোকসকলক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ জয়গুন নেছা নামৰ বৃদ্ধাগৰাকীকো আক্ৰমণ কৰি আহত কৰে চক্ৰটোৱে ৷ এই ভূমি বেদখল কাৰ্যত নাম সাঙোৰ খাইছে বুৰুংগাতলী পঞ্চায়তৰ সভাপতি ৰুহুল আলীৰ ৷

ৰুহুল আলীৰ নেতৃত্বত বৃদ্ধাগৰাকীৰ ভূমি বেদখল কৰাৰ অভিযোগ উঠাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বৃদ্ধাগৰাকীয়ে মোৰাঝাৰ থানাত বেদখলকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিও পোৱা নাই কোনো সুফল ৷ ভূ-মাফিয়াৰ ভুৱা গোচৰত উলোটাই বৃদ্ধাগৰাকীৰ এজন পুত্ৰকে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ কৰিছে জয়গুন নেছাৰ লগতে গাঁৱৰ একাংশ ৰাইজে ৷ উল্লেখ্য যে এখন ভুৱা দলিলেৰে বৃদ্ধাগৰাকীৰ মাটি চক্ৰটোৱে নিজৰ নামত কৰি নিয়াৰ ভয়ংকৰ অভিযোগ বৃদ্ধাগৰাকীৰ ৷

বৃদ্ধাগৰাকীৰ স্বামীৰ নামৰ মাটি কিদৰে আনৰ নামত নামজাৰি হ’ল সেয়াও ৰহস্যৰ আৱৰ্তত ৷ ইফালে ভূ-মাফিয়া চক্ৰটোৱে গুণ্ডাবাহিনীৰ ভাবুকি দিয়াৰ লগতে আৰক্ষীৰ ভয় দেখুৱাই মাটি বেদখল কৰি ঘৰ সাজি লোৱাত সম্প্ৰতি পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে আতংকৰ ৷ চক্ৰটোৱে সকলোকে মেনেজ কৰি ৰখাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে গোচৰ তৰিও ন্যায়ৰ পৰা বঞ্চিত এই বৃদ্ধাগৰাকী ৷

লগতে পঢ়ক : ডেৰমাহ ধৰি সন্ধান নাই কঠীয়াতলীৰ ৰিংকি কোঁৱৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.