ETV Bharat / state

হোজাইৰ পদপথত চাহিদা বাঢ়িছে নেমুপানীৰ

প্ৰতিটো গৰমৰ দিনে জলাকলা খুৱাই আহিছে ৰাজ্যবাসীক । সমান্তৰালভাৱে উৎকত গৰমে দহিছে হোজাইবাসীক ৷ বৰ্ধিত গৰমৰ প্ৰতি লক্ষ্য ৰাখি হোজাইত চাহিদা বাঢ়িছে নেমু পানীৰ(Demand for Lemonade has increased in Hojai) ৷

Demand for Lemonade has increased in Summer in Hojai
হোজাইৰ পদপথত চাহিদা বাঢ়িছে নেমুপানীৰ
author img

By

Published : Jul 14, 2022, 6:46 PM IST

হোজাই, 14 জুলাই : গৰমৰ দিন মানে উৎকট ৰ'দ ৷ উৎকট ৰ’দে দহিছে ৰাজ্যবাসীক ৷ সমান্তৰালকৈ হোজাইবাসীয়েও এতিয়া মুখামুখি হ’বলগীয়া হৈছে প্ৰচণ্ড গৰমৰ । কাৰোবাৰ বাবে যদি গৰমৰ দিন আমনিদায়ক তেন্তে আন কাৰোবাৰ বাবে এয়া এক আশাৰ ৰেঙণি । প্ৰচণ্ড গৰমত এতিয়া পদপথত চাহিদা বৃদ্ধি পাইছে নেমুপানীৰ(Demand for Lemonade has increased in Hojai) ।

হোজাইৰ পদপথত চাহিদা বাঢ়িছে নেমুপানীৰ

লংকা, নগাঁৱৰ পদপথৰ ওচৰে-পাজৰে থকা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন বিশেষ দোকানে গৰমৰ দিনত পথচাৰীসকলক সকাহ প্ৰদান কৰি আহিছে ৷ ক্ষুদ্ৰ প্ৰতিষ্ঠানখন হৈছে এখন নেমু চৰবতৰ দোকান ৷ য’ত গৰমৰ দিনত শীতল পানীয় যোগান ধৰি মানুহক দি অহা হৈছে সকাহ ।

গৰমৰ দিন সমাগত হোৱাৰ লগে লগে ব্যৱসায়ীগৰাকীৰ দৈনিক উপাৰ্জন বৃদ্ধি হৈছে । কেৱল নেমু চৰবতেই নহয় মৌচুমী, আনাৰস আদি ফলৰ ৰসো বিক্ৰী কৰে ব্যৱসায়ীগৰাকীয়ে । নেমু চৰবতৰ দোকানখনত আহি গা শাত পেলায় পথচাৰীসকলে । এনেদৰে গৰম দিনৰ বাবে পথচাৰীসকলে শীতল পানীয়ৰে গা জুৰ পেলোৱাৰ লগতে নেমু ব্যৱসায়ীসকলৰ উপাৰ্জনৰ পথ মুকলি হৈছে ।

লগতে পঢ়ক : Jonai govt office scam: গৰম কাৰণেই কাৰ্যালয়লৈ নাহে ছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.