হোজাই, 23 ছেপ্টেম্বৰ: শুকুৰবাৰে পুৱা হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকীত উপস্থিত হয় অসম বিধানসভাৰ ৭ জনীয়া ৰাজহুৱা হিচাপ সমিতিৰ বিধায়কৰ দল ৷ বিধায়কৰ এই দলটোৱে প্ৰথমে ১নং কাকী পঞ্চায়তত উপস্থিত হৈ পঞ্চায়তৰ কৰ্মীসকলৰ লগত আলাপ আলোচনা কৰা লগতে পৰৱৰ্তী সময়ত ১ নং কাকীস্থিত সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হয় ।
হোজাই জিলাত উপস্থিত হোৱা ৰাজহুৱা হিচাপ সমিতিৰ 7 জনীয়া বিধায়কৰ দলটোত আছে সমিতি খনৰ অধ্যক্ষ ৱাজেদ আলি চৌধুৰীৰ লগতে উৎপল বৰা, কমলাক্ষ দেৱ পুৰকায়স্থ (Kamalakhya Dey Purkayastha), চক্ৰধৰ গগৈ, কৰিম উদ্দিন বৰভূঞাঁ ৷ আনহাতে এই পৰ্যবেক্ষণ কালত বিধায়কৰ দলটোয়ে হোজাই জিলাৰ বিভিন্ন চৰকাৰী উন্নয়ন মূলক কামৰো পৰ্যবেক্ষণ কৰিব ৷
ইয়াৰ পিছত বিয়লিলৈ জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগত শংকৰদেৱ নগৰৰ আৱৰ্ত ভৱনত এখন পৰ্যালোচনা সভাত অংশ ল’ব ।
লগতে পঢ়ক: পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এজন ঘোচখোৰ লাটমণ্ডল