ETV Bharat / state

অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইত

author img

By

Published : Mar 28, 2021, 3:39 PM IST

একেটা পৰিয়ালৰে দুজনকৈ লোকৰ মৃতদেহ উদ্ধাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাইৰ কালীবাৰিত ৷ দুই মাতৃ-পুত্ৰ সন্তা পাল (৮০) আৰু লাটো পালে(৩৫) বিষ পান কৰি আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোক তথা আৰক্ষীৰ লোকে ৷

অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইত
অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইত

হোজাই,28 মাৰ্চ: দেওবাৰে হোজাইৰ কালীবাৰিত উদ্ধাৰ হৈছে দুজনকৈ লোকৰ অৰ্ধগলিত মৃতদেহ ৷ একেটা পৰিয়ালৰে দুজনকৈ লোকৰ মৃতদেহ উদ্ধাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ স্থানীয় লোকৰ মতে, বন্ধ হৈ থকা ঘৰটোৰ পৰা দুৰ্গোন্ধ ওলোৱাত আৰক্ষীক খবৰ দিয়ে ৷ স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ দুই মাতৃ-পুত্ৰ সন্তা পাল (৮০) আৰু লাটো পালে(৩৫) বিষ পান কৰি আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোক তথা আৰক্ষীৰ লোকে ৷

উল্লেখ্য যে, ঘৰৰ ভিতৰত বিছনাত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ ওচৰতে ঘৰৰ মুৰব্বী সাথি পালকো মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে হোজাই আৰক্ষীয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত ৰাখিছে যদিও সাথি পালক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: গোৱালপাৰাৰ ৰহমতপুৰত হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.