ETV Bharat / state

হোজাই জিলাৰ সদৰ থানাত চি আৰ পি এফৰ মহানিৰ্দেশক সৰৱজিৎ সিং - চি আৰ পি এফৰ উপ মহাপৰিদৰ্শক

চি আৰ পি এফৰ মহানিৰ্দেশক সৰৱজিৎ সিঙে হোজাই জিলাৰ যুৱক-যুৱতীক চি আৰ পি এফত ভৰ্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷

CRPF Director General visit Hojai police station
হোজাই জিলাৰ সদৰ থানাত চি আৰ পি এফৰ মহানিৰ্দেশক চৰ্বিত সিং
author img

By

Published : Sep 9, 2021, 5:55 PM IST

হোজাই, 9 ছেপ্তেম্বৰ : হোজাই জিলাৰ সদৰ চকীত বৃহস্পতিবাৰে উপস্থিত হয় চি আৰ পি এফ(CRPF)ৰ 34 বেটেলিয়ানৰ মহানিৰ্দেশক সৰৱজিৎ সিং । হোজাই জিলা পৰিভ্ৰমণ কৰি মহা নিৰ্দেশক সৰৱজিৎ সিঙে জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ বাবে হোজাই জিলাবাসীক ধন্যবাদ জনোৱাৰ লগতে হোজাই জিলাখন অতি স্পৰ্শকাতৰ বুলি উল্লেখ কৰে ।

CRPF Director General visit Hojai police station
হোজাই জিলাৰ সদৰ থানাত চি আৰ পি এফৰ মহানিৰ্দেশক চৰ্বিত সিং

চি আৰ পি এফৰ মহানিৰ্দেশকগৰাকীয়ে অতি সোনকালে হোজাই জিলাখনত চি আৰ পি এফৰ কৰ্পফ বেটেলিয়ান কেম্প স্থাপন কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ হোজাই জিলাৰ পৰা বহু হাজাৰ যুৱক-যুৱতীয়ে চি আৰ পি এফত কৰ্মৰত হৈ থকা কথা সদৰি কৰে ৷ তেওঁ লগতে জিলাখনত উঠি অহা প্ৰজন্মৰ বাবে সুকীয়াকৈ নিয়োগৰ ব্যৱস্থা কৰা কথা জানিবলৈ দিয়ে ৷

হোজাই জিলাৰ সদৰ থানাত চি আৰ পি এফৰ মহানিৰ্দেশক সৰৱজিৎ সিং

মহা-নিৰ্দেশকগৰাকীয়ে আগন্তুক বৰ্ষত হোজাই জিলাৰ পৰা বহু যুৱক যুৱতীক চি আৰ পি এফত ভৰ্তিৰ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে । চি আৰ পি এফৰ মহানিৰ্দেশকগৰাকীৰ লগতে উপস্থিত থাকে চি আৰ পি এফৰ উপ মহাপৰিদৰ্শক মহেন্দ্ৰ কুমাৰ, 34 বেটেলিয়ানৰ কামাণ্ডেণ্ট শিৱ শংকৰ উপাধ্যায় আৰু উপ কামাণ্ডেণ্ট ৰাম সিং ।

লগতে পঢ়ক : নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.