হোজাই, ১৫ মাৰ্চ: কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰা অনুসৰি বুধবাৰৰ পৰা ১২-১৪ বছৰীয়া শিশুৱে পাব ক'ৰণাৰ প্রতিষেধকৰ উপৰিও ষাঠি ঊৰ্ধ্বৰ লোকক দিয়া হ'ব বুষ্টাৰ (COVID vaccination for 12-14 age group) । তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে হোজাই জিলা স্বাস্থ্য বিভাগে । সোমবাৰে এই কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী মনসুখ মান্দভিয়াই ।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, বুধবাৰৰ পৰা দেশজুৰি বাৰৰ পৰা চৈধ্য বছৰীয়া বয়সৰ শিশুসকলক প্রতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব । একেদৰে সেইদিনাই বয়স্কসকলক বুষ্টাৰ প্ৰতিষেধক প্ৰদান কৰাৰ কথাও ঘোষণা পৰিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।
মঙলবাৰে এই সম্পৰ্কে হোজাই জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ অৰূপজ্যোতি মহন্তই জানিবলৈ দি কয় যে, এই দুয়োটাৰ উপৰিও কাইলৈ অৰ্থাৎ ১৬ মাৰ্চত পালন কৰা হয় National Immunisation Day । উক্ত দিনটোৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ অন্তৰ্গত দুয়োটা ব্লকত Immunisation Day উৎযাপন কৰা হ'ব ।
বিশেষকৈ স্বাস্থ্য বিভাগৰ কৰ্মী সকলক উৎসাহ দিয়াৰ উদ্দেশেই আশা আৰু ANM কৰ্মী সকলক লৈ উক্ত অনুষ্ঠানটি জিলাখনৰ দুই ব্লক লংকা আৰু যোগীজানত অনুষ্ঠিত কৰা হ’ব বুলি জানিব দিয়ে বিষয়া গৰাকীয়ে । উল্লেখযোগ্য যে বাৰ-চৈধ্য বছৰ বয়সৰ শিশুসকলক প্ৰদান কৰা হ’ব বায়’লজিকেল ইভানচেৰ তৈয়াৰী ‘কোর্বেভাঙ্গ প্রতিষেধক ।
লগতে পঢ়ক: অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ