ETV Bharat / state

কাকীত ক'ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু

author img

By

Published : May 18, 2021, 1:44 PM IST

হোজাই জিলাৰ কাকীত ক'ভিডত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু । কাকীৰ কেইবাটাও অঞ্চল ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

Covid new death in Hojai
কাকীত ক'ভিডত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

হোজাই,১৮ মে': ৰাজ্যৰ প্ৰতিখন জিলাতে ক'ভিড মহামাৰীৰ ভয়ংকৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । সমান্তৰালকৈ প্ৰতিদিনে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি হৈছে । এইবাৰ হোজাই জিলাৰ পৰা আহিছে মৃত্যুৰ খবৰ । জিলাখনৰ কাকীত পুনৰ মৃত্যু হৈছে এজন লোকৰ । লোকজন ৩ নং কাকীৰ নাৰিকলি গাঁৱৰ ডিম্বেশ্বৰ হীৰা ।

জানিব পৰা মতে, ডিম্বেশ্বৰ হীৰা ৩ দিন মানৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল । সোমবাৰ সন্ধিয়াৰ পৰা শৰীৰৰ কিছু অৱনতি ঘটিছিল । কিন্তু স্বাস্থ্য বিভাগৰ লোকৰ লগত যোগাযোগ কৰাৰ পৰাও বিৰত আছিল পৰিয়ালটো । তাৰ পৰিণতিত মঙলবাৰে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৭০ বছৰীয়া ডিম্বেশ্বৰ হীৰা নামৰ লোকজনে । মৃত্যুৰ পিছত ডিম্বেশ্বৰ হীৰাৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ লগতে তেওঁৰ ঘৰৰ সকলো সদস্যৰ দেহতো ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

কাকীৰ টিলাবজাৰ, পাঠৰী, নাৰিকলিকে ধৰি সমগ্ৰ ১০ কিল’মিটাৰ অঞ্চল বৰ্তমান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । ১ নং কাকীৰ বঢ়মপুৰ গাঁৱক কিছুদিন পূৰ্বে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল ৷ তাৰপিছত কাকীৰ আন এক অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাত আতংকিত হৈ পৰিছে কাকীৰ ৰাইজ ।

লগতে পঢ়ক: শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.