হোজাই, ২৪ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে সকলোকে শংকিত কৰি তুলিছে । ৰাইজক সাৱধান হ'বলৈ চৰকাৰ তথা প্ৰশাসনে বাৰাম্বাৰ সজাগ কৰি আহিছে যদিও সেই সজাগতাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে একাংশ অসচেতন ৰাইজে । মহামাৰী ক'ভিড সংক্ৰমণৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে হোজাই জিলাৰ লংকা সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ।
ৰাইজক ক'ভিড সম্পৰ্কত সজাগতা অনাৰ লক্ষ্যৰে গোষ্ঠীৰ কৰ্মকৰ্তাই এক কাৰ্যসূচী গ্ৰহণ কৰে । লংকাৰ পাঞ্চালী গাঁৱৰ পথেৰে অহা বাটৰুৱা, যান-বাহানত অহা লোকসকলৰ মাজত সাংস্কৃতিক গোষ্ঠীটোৰ কৰ্মকৰ্তাই বিতৰণ কৰে মাস্ক আৰু সজাগতা পত্ৰ । প্ৰায় এক হাজাৰতকৈ অধিক লোকক বিতৰণ কৰা হয় মাস্ক আৰু সজাগতা পত্ৰ । উল্লেখ্য যে, ৰাজ্যত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ততস্বত্বেও এতিয়াও যেন সজাগ হোৱা নাই একাংশ ৰাইজ ।