ETV Bharat / state

লামডিং ব্লক কংগ্ৰেছৰ সভাপতি নেত্ৰ ৰঞ্জন মহন্তৰ কংগ্ৰেছ ত্যাগ

হোজাই জিলা কংগ্ৰেছত খহনীয়া ৷ লামডিং ব্লক কংগ্ৰেছৰ সভাপতি নেত্ৰ ৰঞ্জন মহন্তই নিজ দলৰ একাংশৰ ওপৰত অতিষ্ঠ হৈ কংগ্ৰেছ ত্যাগ কৰে ৷

author img

By

Published : Mar 30, 2019, 11:03 PM IST

কংগ্ৰেছৰ সভাপতি নেত্ৰ ৰঞ্জন মহন্তৰ কংগ্ৰেছ ত্যাগ

হোজাই,30মাৰ্চ: যিটো সময়ত কংগ্ৰেছ দলে অসমত নিজৰ ডুবিব ধৰা নাওখন ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰুদ্ধাৰৰ চেষ্টা চলাইছে তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ সদস্যই দল ত্যাগ কৰাক লৈ এতিয়া চিন্তাত পৰিছে কংগ্ৰেছৰ উৰ্ধতম কৰ্তৃপক্ষ ৷ শনিবাৰে ১০ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লামডিং ব্লক কংগ্ৰেছৰ সভাপতি তথা লামডিং বিধান সভা সমষ্টিৰ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা বিধায়কৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা নেত্ৰ ৰঞ্জন মহন্তইয়ো কংগ্ৰছ দল ত্যাগৰ কথা ঘোষণা কৰে ৷ যাৰফলত এতিয়া নেতাজনৰ কংগ্ৰেছ ত্যাগে হোজাই জিলা কংগ্ৰেছত খহনীয়াৰ ইংগিত দিছে। উল্লেখ্য যে নেত্ৰ ৰঞ্জন মহন্তই শনিবাৰে সংবাদ মাধ্যমৰ আগত দলৰ একাংশই তেখেতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰি শতাধিক সমৰ্থকক লৈ কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰে । নিশ্চিতভাৱেলামডিং বিধান সভা সমষ্টিৰ অন্যতম প্ৰভাৱশালী নেতাৰ কংগ্ৰেছ ত্যাগে কিছু পৰিমাণেহ’লেও আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ক্ষতিগ্ৰস্ত কৰিব।

Slug : হোজাই জিলা কংগ্ৰেছত খহনীয়া । লামডিং ব্লক কংগ্ৰেছৰ সভাপতি নেত্ৰ ৰঞ্জন মহন্তৰ কংগ্ৰেছ ত্যাগ 

Date : 30.03.2019

Vis : email

Story : 
যিটো সময়ত কংগ্ৰেছ দলে অসমত নিজৰ ডুবিব ধৰা নাওঁখন ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰুদ্ধাৰৰ চেষ্টা চলাইছে তেনেহেন সময়ত ১০ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লামডিং ব্লক কংগ্ৰেছৰ সভাপতি তথা লামডিং বিধান সভা সমষ্টিৰ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ পৰা বিধায়কৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা নেত্ৰ ৰঞ্জন মহন্তৰ কংগ্ৰেছ ত্যাগে হোজাই জিলা কংগ্ৰেছত খহনীয়াৰ ইংগিত দিছে। উল্লেখযোগ্য যে, নেত্ৰ ৰঞ্জন মহন্তই আজি সংবাদ মাধ্যমৰ আগত  দলৰ একাংশই  তেখেতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰায় তিনিহাজাৰ সমৰ্থকলৈ কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰাওঁ পদত্যাগ কৰে। নিশ্চিত ভাবে লামডিং বিধান সভা সমষ্টিৰ অন্যতম জনপ্ৰিয় প্ৰভাৱশালী নেতাৰ কংগ্ৰেছ ত্যাগে কিছু পৰিমাণে হলেও আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ক্ষতিগ্ৰস্ত কৰিব।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.