হোজাই, 15 ডিচেম্বৰ: লামডিং সমষ্টিৰ অন্তৰ্গত তিৱা পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ দলে ৷ মঙলবাৰে শেষ দিন আছিল অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্বশাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ ৷ শেষৰটো দিনত হোজাই জিলাৰ অধীনস্থ লামডিং সমষ্টি তিৱা স্বায়ত্ত্ব পৰিষদৰ সমষ্টিতো উত্তাল হৈ পৰে নিৰ্বাচনী প্ৰচাৰৰ বতাহত ৷
পৰিষদীয় সমষ্টিটোৰ কংগ্ৰেছ আৰু বিজেপিৰ দুগৰাকীকৈ প্ৰাৰ্থীক লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে দল দুটাই ৷ লামডিং ২৭ নং কাকী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিজুমণি বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বাবু বৰুৱা, অজয় ফুকন আৰু তানা দেৱৰাজে ৷ গীতে-মাতে চলোৱা কংগ্ৰেছৰ এই নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে সহস্ৰাধিক লোক ৷ ইফালে নিৰ্বাচনত কংগ্ৰেছ দলেই জয়ী হ'ব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক: মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন