ETV Bharat / state

ৰক্ষকেই যেতিয়া ভক্ষক হয় - crime on women

হোজাইৰ মোৰাঝাৰত মহিলাৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগত আৰক্ষী বিষয়াৰ ওপৰত গোচৰ ৰুজু । পুৱতি নিশা মহিলাৰ বেডৰুমত কৰিছিল অনাধিকাৰ প্ৰৱেশ । পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষী বিষয়াৰ ঘটনাস্থলীৰ পৰা পলায়ন ।

মোৰাঝাৰত মহিলাৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগত আৰক্ষী বিষয়াৰ ওপৰত গোচৰ ৰুজু
author img

By

Published : Jul 26, 2019, 9:22 AM IST

নগাঁও, ২৬ জুলাই : মোৰাঝাৰত এগৰাকী আৰক্ষী বিষয়াই সংঘটিত কৰিলে নিৰ্লজ্জ কাণ্ড । মোৰাঝাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনিসেনা সিঙে ন পুৱাতে এগৰাকী মহিলাৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । মহিলা গৰাকীৰ শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগত স্থানীয় লোকে আৱদ্ধ কৰে আৰক্ষী বিষয়াজনক । অভিযোগ অনুসৰি হাফপেন্ট টি চাৰ্ট পৰিহিত মনিসেনা সিঙে বৃহস্পতিবাৰে কাহিলী পুৱাতে অনাধিকাৰ প্ৰৱেশ কৰিছিল মোৰাঝাৰৰ এগৰাকী মহিলাৰ বেডৰূমত । এগৰাকী কনিষ্টবলক লগত লৈ মনিসেনা সিঙে নিদ্ৰামগ্ন অৱস্থাত থকা মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতেই সৃষ্টি হয় এই পৰিস্থিতিৰ । পাছত মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত তেওঁৰ পৰিয়ালৰ লোক উপস্থিত হৈ বিষয়াগৰাকীক লম্ফ জম্ফ কৰে । কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে তাতেই ক্ষান্ত নাথাকি পলাবলৈ চেষ্টা কৰি প্ৰহাৰ কৰে এগৰাকী মহিলাক যাৰ ফলত তেওঁৰ কোলাত থকা কণমানি সন্তানটো মাটিত পৰি আঘাতপ্ৰাপ্ত হয় । বিষয়াগৰাকীৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাতে মহিলাগৰাকীয়ে দিয়া গোচৰৰ ভিত্তিত 309/19 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 448,354(A),325,354, ধাৰাৰ অধীনত এটা গোচৰ ইতিমধ্যে ৰুজু হৈছে। এতিয়া সকলোৰে অপেক্ষা মাথো আৰক্ষীৰ নিৰপেক্ষ তদন্তলৈ ।

ৰক্ষকেই যেতিয়া ভক্ষক হয়

Intro:হোজাইৰ মোৰাঝাৰত আৰক্ষী বিষয়াৰ নিৰ্লজ্জ কাণ্ড। কাহিলী পুৱাই এগৰাকী মহিলাৰ বাসগৃহত অনাধিকাৰ প্ৰবেশক লৈ উত্তপ্ত পৰিস্থিতি। আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগ। স্থানীয় লোকে আৱদ্ধ কৰিলে আৰক্ষী বিষয়াজনৰ পলায়ন। আৰক্ষী থানাত গোচৰ ৰুজু আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। একমাত্ৰ ই টি ভি ভাৰতৰ হাতত exclusive ভিডিঅ।Body:মন কৰক হাফপেন্ট টি চাৰ্ট পৰিহিত এই লোকজনলৈ। পেছাত এগৰাকী আৰক্ষী বিষয়া। বৃহস্পতিবাৰে পুৱাই এইজন বিষয়াক লৈ হোজাই জিলাৰ মুৰাঝাৰত সৃষ্টি হয় ব্যাপক উত্তেজনাৰ। ই টি ভি ভাৰতৰ হাতত পৰিছে exclusive ভিডিঅ। চাওক কিদৰে একাংশ লোকে আৱদ্ধ কৰি অপদস্থ কৰিছে আৰক্ষী বিষয়াজনক। বিষয়া এইজন। মোৰাঝাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনিসেনা সিঙ। আৰক্ষী বিষয়াগৰাকীৰ এই অৱস্থা কিয় হল শুনিলে আপুনি আচৰিত হব। জনসাধাৰণৰ নিৰাপত্তাৰ নামত নিয়োজিত অসম আৰক্ষীৰ এইজন বিষয়া বৃহস্পতিবাৰে কাহিলী পুৱাতে অনাধিকাৰ প্ৰৱেশ কৰিছিল মোৰাঝাৰৰ এগৰাকী মহিলাৰ বেড ৰূমত। এগৰাকী কনিষ্টবলক লগত লৈ মনিসেনা সিঙে নিদ্ৰামগ্নত থকা মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতেই সৃষ্টি হয় এই পৰিস্থিতিৰ। বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ মহিলাগৰাকীক শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ। লগে লগে পৰিয়ালৰ লোক উপস্থিত হৈ বিষয়াগৰাকীক কৰে লম্ফ জম্ফ। কোনো মতে আঁতৰি যোৱাৰ চেষ্টা আৰক্ষী বিষয়াগৰাকীৰ। প্ৰহাৰ কৰিলে মহিলাক, মহিলাৰ কোলাৰ পৰা দলিয়ালে কণমানি সন্তানক। অৱশেষত পলাই পত্ৰং। বিষয়াগৰাকীৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাতে মহিলাগৰাকীয়ে দিয়া গোচৰৰ ভিত্তিত 309/19 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 448,354(A),325,354,, ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ।
Bite.
Conclusion:এতিয়া প্ৰশ্ন হয় অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে আৰক্ষীয়ে। নে আৰক্ষী হোৱাৰ বাবেই সাৰি যাব এইজন অভিযুক্ত আৰক্ষী বিষয়া মনিসেনা সিঙ। উত্থাপন হৈছে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী।
________--_________________________
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
26-7-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.