ETV Bharat / state

হোজাইত নতুন এছ অ’ পি অনুসৰি সম্পূৰ্ণ ষট পূজাৰ প্ৰস্তুতি

author img

By

Published : Nov 10, 2021, 5:30 PM IST

ক’ভিড মহামাৰীৰ প্ৰকোপ কিছু স্তিমিত হোৱাত এইবাৰ পুনৰ ৰাজ্যবাসী সাজু হৈছে ষট পূজা পালনৰ বাবে ৷ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি ষট পূজা পালনৰ বাবে সাজু হৈছে পূজা পৰিচালনা সমিতি সমূহ ৷

chhath-puja-preparation-at-hojai
হোজাইত নতুন এছ অ’ পি অনুসৰি সম্পূৰ্ণ ষট পূজাৰ প্ৰস্তুতি

হোজাই, 10 নৱেম্বৰ : ৰাজ্য চৰকাৰে নতুনকৈ জাৰি কৰা এছ অ’ পি অনুসৰি হোজাই জিলাত ষট পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে । দুৰ্গা পূজাৰ পাছত এইবাৰ ষট পূজা আৰু ৰাস মহোৎসৱক কেন্দ্ৰ কৰি মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ।

ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি অনুসৰি ষট পূজা অনুষ্ঠিত হ’বলগীয়া নৈ ঘাট সমূহ চিনাক্ত কৰি চেনিটাইজ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশনা দিছিল । সেই অনুসৰি হোজাই জিলাত ষট পূজা অনুষ্ঠিত হ’বলগীয়া স্থান সমূহত সম্পূৰ্ণ ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা অনুসৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ।

Chhath Puja Preparation at Hojai
হোজাইত নতুন এছ অ’ পি অনুসৰি সম্পূৰ্ণ ষঠ পূজাৰ প্ৰস্তুতি

ষঠ পূজা অনুষ্ঠিত কৰিবলগীয়া পৰিচালনা সমিতিসমূহে জানিবলৈ দিয়া অনুসৰি, এইবাৰ ঘাটত পূজা আগবঢ়াবলৈ আহিবলগীয়া ভক্তসকলে ক'ভিড ভেকচিন দুই পালি লোৱাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব ৷ পূজা দিবলৈ অহা লোকসকলৰ চেনিটাইজ আৰু মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ তদুপৰি ষট পূজা অনুষ্ঠিত কৰা স্থানসমূহ জিলা প্ৰশাসনে চৰকাৰীভাবে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ ফল : চৰাইদেউত চলিছে বন ধ্বংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.