ETV Bharat / state

হোজাইত জিলা প্ৰশাসনৰ দেশভক্তি দিৱসৰ কাৰ্যসূচী

author img

By

Published : Jul 28, 2021, 7:52 PM IST

দেশভক্ত তৰুণৰাম ফুকনক সুঁৱৰি হোজাইত পালন দেশভক্তি দিৱস ৷ এই দিৱসৰ কাৰ্যসূচীতে অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া জোৱানসকলকো জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷

Celebrating Patriotism Day at hojai
হোজাইত জিলা প্ৰশাসনৰ দেশভক্তি দিৱসৰ কাৰ্যসূচী

হোজাই, 28 জুলাই : আজি দেশভক্তি দিৱস ৷ দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে পালন কৰা হয় এই দিৱস ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ মহকুমা তথ্য আৰু জনসংযোগ বিভাগ হোজাইৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত উদযাপন কৰা হয় দেশভক্তি দিৱস ।

এফালে দেশৰ হকে জয়গান ৷ আনফালে শত্ৰুত গুলীত নিহত বহু নিৰীহ ৷ অশান্ত অসম-মিজোৰাম তাৰে এক উদাহৰণ ৷ এতিয়াও মাৰ যোৱা নাই অশান্ত অসম-মিজোৰাম সীমান্ত ৷

সীমা সমস্যা অসমৰ বাবে নতুন নহয় ৷ এফালে যদি মিজোৰামৰ উদ্ভণ্ডালি, আনফালে নগাৰ আগ্ৰাসন ৷ শত্ৰুৰ হাতৰ পৰা অসম ৰক্ষাৰ স্বাৰ্থত বুকুত গুলীবিদ্ধ হ’বলৈও কুণ্ঠাবোধ নকৰে অসমৰ জোৱানে ৷

লগতে পঢ়ক: অসম-মিজোৰাম সংঘাতত হাত আছে তৃতীয় পক্ষৰ: ইউ জি ব্ৰহ্ম

কাৰ্যসূচী অনুসৰি প্ৰথমে অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানসকলৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পিছত দেশভক্তৰ ছবিত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । তাৰ পাছতে জিলাখনৰ ১১ গৰাকী দেশভক্ত পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱাৰ লগতে এটাকৈ গছপুলি উপহাৰ দিয়ে উদ্যোক্তাসকলে । এই অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলাৰ জনসংযোগ বিভাগৰ অতিৰিক্ত উপায়ুক্ত গকুল ছন্দ বৰ্ম, জ্যেষ্ঠ সাংবাদিক তোষেশ্বৰ তামূলী, মুকুল গোস্বামী, সমাজসেৱক গজেন হাজৰিকা, জিলা জনসংযোগ বিভাগৰ নীৰা ৰায়ৰ লগতে বিশিষ্ট ব্যক্তিসকল ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.