ETV Bharat / state

হোজাইত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা - ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস

নতুন ৰাজনৈতিক দলে বিজেপি দলক কোনো ধৰণে প্ৰভাৱিত নকৰে ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিক ক্ষতি কৰাৰ পৰিৱৰ্তে লাভহে কৰিব ৷ হোজাইত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ ৷

বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
author img

By

Published : Sep 13, 2020, 7:53 PM IST

হোজাই, 13 ছেপ্তেম্বৰ: দেওবাৰে হোজাইত অনুষ্ঠিত হয় জিলাখনৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৷ জিলা সভাপতি অনুপ দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ লগতে, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা হোজাই জিলাৰ প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা, মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু লামডিং সমষ্টিৰ বিধায়ক চিবু মিশ্ৰকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকল ৷

সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰঞ্জিৎ দাসে মন্তব্য কৰে যে, নতুন ৰাজনৈতিক দলে বিজেপি দলক কোনো ধৰণে প্ৰভাৱিত নকৰে ৷ আনহাতে বিজেপিয়ে সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত সমাগত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰিব বুলিও কয় তেওঁ ৷ ইয়াৰোপৰি কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই তেওঁলোকক ক্ষতি কৰাৰ পৰিৱৰ্তে লাভহে কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷

বিজেপিৰ সকলো বিধায়কৰে ৰিপৰ্ট কাৰ্ড ভাল ৷ ৰিপৰ্ট কাৰ্ড বেয়া হ'লে বিধায়কে প্ৰাৰ্থিত্ব নাপাবও পাৰে ৷ আগন্তুক নিৰ্বাচনত উফৰি যাব কংগ্ৰেছ আৰু এআইইউডিএফ ৷ আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দল বিজেপিৰ কাৰণে কোনো ফেক্টৰ নহয় ৷ হোজাইত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ৷

হোজাইত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

এই সভাত প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মত প্ৰকাশ কৰে ৷ তেওঁ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কটাক্ষ কৰি কয় যে বিজেপি আৰু এআইইউডিএফৰ মিত্ৰতা হ'লেও অসমৰ বিভিন্ন জিলাৰ কংগ্ৰেছ আৰু এইউডিএফৰ সমষ্টিসমূহ সহজেই বিজেপিৰ হাতলৈ আহিব ।

লগতে পঢ়ক: হোজাইত কোচ ছাত্ৰ সন্থা আৰু কোচ সন্মিলনৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.