ETV Bharat / state

পুনৰ বিজেপিৰ দখললৈ যাব কাৰ্বি আংলং : মংগল ছিং তিমুং - পশ্চিম কাৰ্বি আংলং

সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি লৈ কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিত বিজেপিয়ে ব্যাপক তৎপৰতাৰে ৰাজহুৱা সভা আয়োজনেৰে জনতাৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে । আয়োজিত সভাবোৰত বিৰোধী পক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে বিজেপি চৰকাৰে দেশ, ৰাজ্য আৰু কাৰ্বি আংলঙত শান্তি-সমৃদ্ধি, সমঅধিকাৰ, উন্নতি-প্ৰগতি আদিৰে ব্যপক পৰিৱৰ্তন আনিছে বুলি দাবী কৰে বিজেপি নেতৃবৃন্দই ।

bjp meeting at karbi anglong
পুনৰ বিজেপিৰ দখলত থাকিব কাৰ্বি আংলংঃ মঙ্গলছিং তিমুং
author img

By

Published : Dec 12, 2020, 9:29 PM IST

হোজাই, 12 ডিচেম্বৰ : বিটিচি আৰু তিৱা পৰিষদৰ নিৰ্বাচনক লৈ নিৰ্বাচনী গৰম বতাহ চলি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণতো ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা । সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি লৈ কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিত বিজেপিয়ে ব্যাপক তৎপৰতাৰে ৰাজহুৱা সভা আয়োজনেৰে জনতাৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে । আয়োজিত সভাবোৰত বিৰোধী পক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে বিজেপি চৰকাৰে দেশ, ৰাজ্য আৰু কাৰ্বি আংলঙত শান্তি-সমৃদ্ধি, সমঅধিকাৰ, উন্নতি-প্ৰগতি আদিৰে ব্যপক পৰিৱৰ্তন আনিছে বুলি দাবী কৰে বিজেপি নেতৃবৃন্দই ।

bjp meeting at karbi anglong
পুনৰ বিজেপিৰ দখলত থাকিব কাৰ্বি আংলংঃ মঙ্গলছিং তিমুং

শনিবাৰেও হামৰেণ সমষ্টিৰ ডংকামোকামত বিজেপিৰ এখনি ৰাজহুৱা মুকলি সভা অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি ৰূপত উপস্থিত থকা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগল ছিং তিমুঙৰ উপস্থিতিত হামৰেণ মণ্ডল কংগ্ৰেছ কমিটিৰ উপ সভাপতি মোহন টকবিসহ মুঠ ১৬ পৰিয়ালে কংগ্ৰেছ-এএছডিচি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত উপস্থিত ৰাইজক সম্বোধন কৰি তিমুঙে " কাৰ্বি আংলং জিলা পুনৰ বিজেপিৰ দখলত থাকিব" বুলি দাবী কৰে।

উক্ত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগল ছিং তিমুঙৰ বিপৰীতে কাৰ্বি পৰিষদৰ বিভাগীয় ব’ৰ্ডৰ অধ্যক্ষ ৰঞ্জিত টেৰণ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ’, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে’, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ', গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে’, বীৰেন ৰংহাং আৰু কেইবা শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে।

লগতে পঢ়ক: CAA ৰ বিৰোধিতাৰে গোলাঘাটত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.