ETV Bharat / state

বিজেপি নেতাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

author img

By

Published : May 18, 2020, 12:03 PM IST

হোজাই জিলাৰ কাকীত কৃষক সন্মান নিধিৰ আঁচনি ৰূপায়নত বিজেপি নেতাৰ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ অতি শীঘ্ৰে উক্ত বিষয়টো তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান ৰাইজৰ ৷

ETV BHARAT
হোজাইত বিজেপিৰ নেতাৰ বিৰুদ্ধে ৰাইজৰ গৰ্জন

হোজাই, 18 মেঃ হোজাই জিলাৰ কাকীত কৃষক সন্মান নিধিৰ আঁচনি ৰূপায়নত বিজেপি নেতাৰ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ কৃষকৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ কাকী মণ্ডলৰ উপ সভাপতি জয়ন্ত নাথৰ বিৰুদ্ধে ৷

হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত কাকী মণ্ডলৰ বিজেপিৰ উপ সভাপতি জয়ন্ত নাথৰ বিৰুদ্ধে পুনৰ দলৰ একাংশ দলীয় কৰ্মীৰ লগতে স্থানীয় লোকৰ অভিযোগ ৷ তাৰোপৰি কৃষকৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তোলে স্থানীয় লোকসকলে ৷ লক ডাউনৰ সময়ছোৱাত চৰকাৰে ৰাইজৰ সকাহৰ বাবে দিয়া এহেজাৰ (1000) টকা প্ৰদান কৰাৰ বিনিময়ত জয়ন্ত নাথে উৎকোচ লোৱাৰ অভিযোগ ৷

বহু বিৰ্তকিত বিজেপিৰ এই যুৱ নেতাজনে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ বাবে কৃষকৰ নাম তালিকা প্ৰস্তুত কৰি আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি দিছিল ৷ কিন্তু দুখৰ বিষয় যে, এই আঁচনিৰ ধন পোৱা দৰিদ্ৰ কৃষকৰ পৰা 1000 টকাৰ পৰা 1500 টকা জয়ন্ত নাথে দাবী কৰি লোৱাৰ অভিযোগ আনিছে এই হিতাধিকাৰী সকলে ৷ ইফালে বিজেপি নেতাজনে বৃদ্ধ পেঞ্চন দিয়াৰ নামতো হিতাধিকাৰীৰ পৰা ধন সৰকাই আহিছিল বুলি ৰাইজে অভিযোগ কৰে ৷ অতি শীঘ্ৰে উক্ত বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে চৰকাৰ প্ৰশাসনক ৷

লগতে পঢ়ক- প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ দিশে ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.