ETV Bharat / state

বিজেপিৰ চৰকাৰ হ'লে ভূমি পট্টা প্ৰদান কৰা হ'ব: প্ৰমোদ বড়ো

author img

By

Published : Mar 20, 2021, 8:24 PM IST

শনিবাৰে 27 নং তিৱা স্বায়িত্ব পৰিষদৰ কাকীত নিৰ্বাচনী প্ৰচাৰ চলাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ প্ৰচাৰ সভাত বিটিআৰ প্ৰধান গৰাকীয়ে বিজেপি চৰকাৰ হ'লে ৬ মাহৰ ভিতৰত কাকী অঞ্চলৰ বড়ো ৰাইজক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে ৷

বিজেপি চৰকাৰ হ'লে বড়ো ৰাইজক ভূমি পট্ৰা প্ৰদান কৰা হ'ব:প্ৰমোদ বড়ো

হোজাই,20 মাৰ্চ: ৰাজ্যত এতিয়া তীব্ৰ সোঁতত বলিছে নিৰ্বাচনী বতাহ ৷ শনিবাৰে ২৭ নং তিৱা স্বায়িত্ব পৰিষদৰ কাকীত নিৰ্বাচনী প্ৰচাৰ চলাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । হেলিকপ্তাৰেৰে ৯২ নং লামডিং সমষ্টিৰ কাকীৰ বড়ো অধ্যুষিত গ্ৰাম্য অঞ্চলত বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোদ বড়োৱে । প্ৰমোদ বড়োৱে ৰাইজক উদ্দেশ্য কৰি কয় যে, এইবাৰ পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে গঠন হ'ব বিজেপি চৰকাৰ ।

কাকীত প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ

ইফালে, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনাই বিটিআৰ প্ৰধান গৰাকীয়ে ৷ এক প‌ইচা নোলোৱাকৈ ৰাইজক ভূমি পট্টা আৰু চৰকাৰী চাকৰি দিয়া বুলিও নিৰ্বাচনী প্ৰচাৰ সভাত মন্তব্য কৰে বড়োৱে । বিজেপি চৰকাৰ হ'লে পৰৱৰ্তী ৬ মাহৰ ভিতৰত কাকী অঞ্চলত বড়ো ৰাইজক ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।

অন্য এক খবৰৰ বাবে: নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ডিগবৈত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.