হোজাই, 10 অক্টোবৰ : অসমৰ প্ৰতিখন জিলাৰ লগতে হোজাই জিলাতো শনিবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ এখন কাৰ্যনিৰ্বাহক সভা ৷ এই সভাতে বিগত দিনৰ কামৰ খতিয়ান দাঙি ধৰাৰ লগতে অনাগত দিনবোৰত কৰিবলগীয়া কাম-কাজৰ বিষয়ে আলোচনা কৰা হয় ।
![bjp meeting held in hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-03-09oct-bjp-meeting-photo-10015_09102021164114_0910f_1633777874_38.jpg)
হোজাই অনুষ্ঠিত এই বিশেষ সভাত ভাৰ্চুৱেলী উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ শৰ্মা আদি ।
![bjp meeting held in hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-03-09oct-bjp-meeting-photo-10015_09102021164114_0910f_1633777874_126.jpg)
লগতে সভাখনত উপস্থিত থাকে ৰাজ্যিক সম্পাদক তথা হোজাই জিলাৰ প্ৰভাৰী জগদীশ দত্ত, প্ৰাক্তন ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোঁহাই, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰৰ উপৰিও জিলা সমিতিৰ ভালেসংখ্যক কাৰ্য-কৰ্তা আৰু মণ্ডল-মৰ্চাৰ সভাপতিসকল ।
লগতে পঢ়ক : পূজা উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ শিলচৰৰ বিধায়কৰ