ETV Bharat / state

ডেৰ লাখ ভোটৰ ব্যৱধানত জয় লাভৰ দাবী আজমলৰ

author img

By

Published : Apr 1, 2021, 4:37 PM IST

হোজাইত বৃহস্পতিবাৰে ভোটদান কৰে আজমল পৰিয়ালে ৷ ভোটদানৰ অন্তত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁট বন্ধনে 30 খন আসন লাভ কৰিব বুলিও দাবী কৰে বদৰুদ্দিন আজমলে ৷ আনহাতে যমুনামুখত ডেৰ লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি দাবী কৰে চিৰাজউদ্দিন আজমলে ৷

badaruddin-ajmal-caste-his-vote-with-family
পৰিয়ালৰ সৈতে ভোটদান কৰিলে বদৰুদ্দিন আজমলে

হোজাই,1 এপ্ৰিল: ৰাজ্যৰ 91 নং হোজাই বিধানসভা সমষ্টিত অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া ৷ হোজাই সমষ্টিৰ বৰডংকি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে ভোটদান কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে ৷ বদৰুদ্দিন আজমলৰ লগতে ভাতৃ তথা যমুনামুখ বিধানসভা সমষ্টিৰ এআইডিএফৰ প্ৰাৰ্থী চিৰাজ উদ্দিন আজমল, বদৰুদ্দিন আজমলৰ দুই পুত্ৰয়েও ভোট দান কৰে ৷

ভোটদান কৰি সাংবাদিকৰ লগত হোৱা মত বিনিময়ত বদৰুদ্দিন আজমলে কয় যে, প্ৰত্যেকবাৰ তেওঁ হোজাই সমষ্টিত যাক ভোটদান কৰে সেইজন হাৰি যায় ৷ এইবাৰ আজমলে যাক ভোটদান কৰিছে সেইজন জিকিব বুলি দাবী কৰিছে এআইইউডিএফ প্ৰধান গৰাকীয়ে ৷ তদুপৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁট বন্ধনে 30 খন আসন লাভ কৰিব বুলিও দাবী কৰিছে নেতাগৰাকীয়ে ৷

আনহাতে চিৰাজ উদ্দিন আজমলে ভোটদান কৰি সাংবাদিকৰ লগত হোৱা মত বিনিময়ত এইবাৰ যমুনামুখত ডেৰ লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি দাবী কৰে ৷

লগতে পঢ়ক: জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.