হোজাই, 8 ডিচেম্বৰ : চলন্ত ৰে’লত আক্ৰমণ দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাক ৷ মঙলবাৰে নিশা সপত্নীক বিধায়কগৰাকীয়ে ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত এই অঘটন সংঘটিত হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দিল্লী-ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰিছিল বিধায়ক তেৰছ গোৱালাৰ লগতে পত্নী ৷ একেটা ডবাতে আহি থকা লামডিঙৰ ৰমাকান্ত ৰয় নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে বিধায়কগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশেষত বিধায়কগৰাকীৰ অভিযোগ অনুসৰি, লামডিং ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ লগতে অসম আৰক্ষীৰ এটা দলে ব্যক্তিগৰাকীক কৰায়ত্ত কৰে ৷ এই ঘটনাৰ বাবে নিশা লামডিং ষ্টেচনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷
উল্লেখ্য যে, ৰে’লত থকা লাইট বন্ধ কৰাক লৈ বিধায়কগৰাকীক দুৰ্ব্যৱহাৰ কৰিছিল ৰমাকান্ত ৰয় নামৰ ব্যক্তিগৰাকীয়ে ৷
লগতে চাওক : Deer Attack at Salbari : শালবাৰীত হৰিণাৰ আক্ৰমণত নিহত বৃদ্ধ