ETV Bharat / state

আগৰৰ কাঠ সৰবৰাহত সহায়ক হোৱাকৈ হোজাইত পৰিবহণ বিভাগৰ পদক্ষেপ

author img

By

Published : Jun 9, 2022, 6:43 PM IST

বৃহস্পতিবাৰে হোজাইত মুকলি কৰা হয় আগৰ কাঠ কঢ়িওৱা ASTC বাছ (ASTC steps to help Agarwood carrying in Hojai) ৷ এই বাছ মুকলি কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ৷

ASTC Bus service inaugurate in Hojai for carrying Agarwood
হোজাইত আগৰ কাঠ কঢ়িওৱা ASTC বাছ সেৱা মুকলি

হোজাই, 9 জুন : অৱশেষত দীৰ্ঘদিনীয়া এক সমস্যা দূৰ হ’ল ক্ষুদ্ৰ আগৰ ব্যৱসায়ীসকলৰ । আগৰৰ কাঠ সৰবৰাহৰ বাবে সহায়ক হোৱাকৈ বৃহস্পতিবাৰে হোজাইত অসম পৰিবহণ বিভাগৰ দ্বাৰা ASTC ৰ বাছ সেৱা মুকলি কৰা হয় (ASTC steps to help Agarwood carrying in Hojai)৷ এতিয়াৰে পৰা গোলাঘাট, নাহৰনি, নামতিৰ পৰা এই বাছেৰে প্ৰতিদিনে হোজাইলৈ আহিব আগৰৰ কাঠ ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে (MLA Ramkrishna Ghosh) ।

লগতে তেওঁ কয় যে, চৰকাৰক ৰাজহ আদায় দি বৈধভাৱে হোজাইৰ ইছলাম নগৰৰ পৰা নাহৰনিলৈ আৰম্ভ হ’ব পৰিবহণ বিভাগৰ এই বাছসেৱা । ‘‘North East Small Industry Of Aromatics’’ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা এই বাছসেৱাৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে এই বাছসেৱা মুকলি অনুষ্ঠানত এখনি ৰাজহুৱা সভাৰো আয়োজন কৰা হয় ৷

সভাখনত সভাপতিত্ব কৰে ‘‘North East Small Industry Of Aromatics’’ ৰ সভাপতি বিজু সোণোৱালে ৷ হোজাইৰ ইছলাম নগৰত আয়োজন কৰা এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰামকৃষ্ণ ঘোষে AS20-1805 নম্বৰৰ পৰিবহণ বিভাগৰ বাছখন মুকলি কৰে ।

লগতে ইছলাম নগৰত হিজবুল্লা আহমেদৰ পৰিচালনাত এটি শাখা কাৰ্যালয়ো মুকলি কৰা হয় ৷ এই কাৰ্যালয়ৰ পৰা বাছৰ টিকট ক্ষুদ্ৰ অগৰু ব্যৱসায়ীসকলে আগতীয়াকৈ সংগ্ৰহ কৰিব পাৰিব ৷ আনহাতে, ASTC ৰ বাছখনে কঢ়িয়াই আনিব লগা সাঁচিগছৰ কাঠসমূহ ইছলাম নগৰৰ সমীপতে ৰাখিবলৈ এটি গোদাম ঘৰৰো ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, ASTC বাছ মুকলি অনুষ্ঠানৰ ৰাজহুৱা সভাখনত প্ৰায় শতাধিক সৰু বৰ অগৰৰ ব্যৱসায়ী উপস্থিত থাকে ।

লগতে পঢ়ক : হোজাইৰ RTU ত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.