ETV Bharat / state

Assam police BMI test :হোজাইত আৰক্ষীৰ BMI টেষ্ট

author img

By

Published : Aug 18, 2023, 2:55 PM IST

অসম আৰক্ষীৰ বি এম আই টেষ্টক লৈ শংকিত স্বাস্থ্যবান আৰক্ষী । শৰীৰৰ ওজন হ্ৰাস কৰাৰ যুঁজত অৱতীৰ্ণ হৈছে আৰক্ষীৰ বহু বিষয়া,জোৱান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক প্ৰকৃততে স্মাৰ্ট আৰক্ষী স্বৰূপে গঢ়ি তুলিবলৈ আৰক্ষী বিভাগত থকা পেটুৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক নিৰ্দেশনা জাৰি কৰাৰ পিচতেই এতিয়া সকলোৱে লাগিছে হাতে-কামে ।

Body Mass Index in Assam police
আৰক্ষীৰ BMI টেষ্ট
আৰক্ষীৰ BMI টেষ্ট

হোজাই, ১৮ আগষ্ট:ৰাজ্য়ৰ আন জিলাৰ লগতে অসম আৰক্ষীৰ BMI টেষ্টৰ সমান্তৰালভাৱে হোজাই আৰক্ষী প্ৰসাশনৰ ১৬ আগষ্টৰ পৰা অব্যাহত আছে এই পৰীক্ষা ৷ ইয়াৰ বাবে হোজাই আৰক্ষী অধীক্ষক কাৰ্যালয় চৌহদত BMI পৰীক্ষা কৰা হৈছে । হোজাইত ১৬ আগষ্টৰ পৰা ২২ আগষ্টলৈ আৰক্ষীৰ সকলো বিষয়াৰ BMI মূল্যায়ন কৰা হয় । BMI পৰীক্ষাত বিফল হোৱা অৰ্থাৎ মেদবহুল আৰক্ষী বিষয়া বা জোৱানসকল BMI ৩০+ শ্ৰেণীত পৰিলে তেওঁলোকক ওজন হ্ৰাস কৰিবলৈ নৱেম্বৰলৈ আকৌ তিনি মাহ সময় দিয়া হ'ব । ইয়াৰ পিচতো যিসকলে নিজৰ স্বাস্থ্য নিৰ্ধাৰিত অৱস্থালৈ ঘূৰাই আনিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক অযোগ্য ঘোষণা কৰি বাধ্যতামূলক স্বেচ্ছামূলক অৱসৰ (VRS) দিয়াৰ ব্যৱস্থা কৰা হ'ব ।

উল্লেখ্য় যে অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰখাৰ স্বাৰ্থত অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাবে অনুষ্ঠিত হৈছে আৰক্ষীৰ বি এম আই টেষ্টিং ৷ সমগ্র ৰাজ্যৰ লগতে হোজাইতো আৰক্ষী বিষয়া আৰু জোৱান সকলৰ মাজত অনুষ্ছিত হয় বি এম আই টেষ্টিং ৷

অসম আৰক্ষীত যাতে কোনো মেদবহুল বিষয়া- জোৱান নাথাকে আৰু সকলোৱে স্বাস্থ্যৱান হৈ নিজ সেৱা আগবঢ়াব পাৰে তাৰ বাবে চৰকাৰে এই ব্য়ৱস্থা কৰা হৈছে । বিশেষকৈ অসম আৰক্ষীত দক্ষ শক্তি সৃষ্টি কৰাৰ উদ্দেশ্য এনে সদ্ধান্ত গ্ৰহণ কৰা হৈছে । দৰাচলতে, অসম আৰক্ষীৰ সকলো কৰ্মচাৰী আৰু বিষয়াসকলক তেওঁলোকৰ শাৰীৰিক সক্ষমতাৰ পৰীক্ষা অৰ্থাৎ BMI (Body Mass Index) সংশোধন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল ।

ইয়াৰ বাবে IPS আৰু APS বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী বাহিনীৰ জোৱান সকলোকে তিনি মাহৰ সময় দিয়া হৈছিল । উল্লেখ্য যে,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মেদবহুল আৰু সুৰাপান কৰা আৰক্ষীসকলক দিয়া সতর্কবাণীৰ পিছত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে এই নির্দেশনা জাৰি কৰিছিল ।

লগতে পঢ়ক:Indrani Tahbildar Death: ইন্দ্ৰানী টহবিলদাৰ আত্মহত্যাত একো ক’ব খোজা নাই মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.