ডবকা, 17 মেঃ শুকুৰবাৰে ডবকা হত্যাকাণ্ডত জড়িত ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ভূমি বিবাদৰ বাবে শ্বাহিদ আফ্ৰিদী নামৰ এজন যুৱকক মৰিয়াই হত্যা কৰিছিল ৬ অভিযুক্তই। উল্লেখ্য যে ৭ মে’ত জি এম চি এইচত মৃত্যু হয় শ্বাহিদ আফ্ৰিদী নামৰ যুৱকজনৰ। যুৱকজনৰ মৃত্যুৰ পাচৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্তকেইজন।
আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুজিবুৰ ৰহমান, হাবিজুৰ ৰহমান, লুতফুৰ ৰহমান, জিয়াবুৰ ৰহমান, ছাদ্দাম হুছেইন আৰু ফখৰ উদ্দিন নামৰ হত্যাকাৰীকেইজনক। আটাইকেইজন অভিযুক্তক ডবকা থানাত সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।