হোজাই, 9 আগষ্ট : উত্তৰ-পূৱৰ অন্যতম ৰাজ্য মেঘালয়ত অমানুষিক অত্যাচাৰৰ বলি হ'ল এজন অসমীয়া যুৱক। যোৱা 14 মাহে মেঘালয়ৰ এখন ফাৰ্মাচীত কৰ্মৰত হোজাই জিলাৰ লংকাৰ যুৱক বাপন মজুমদাৰে প্ৰাপ্য ধন বিচাৰিবলৈ গৈ অকথ্য নিৰ্যাতনৰ বলি হয় ৷ এনেদৰে প্ৰহাৰ কৰি যুৱকজনক ঘৰলৈ পঠাই দিয়াৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লংকাৰ বামুনগাঁৱত ৷
ঘটনা অনুসৰি,বামুনগাঁৱৰ নিবাসী ৰায়হৰণ মজুমদাৰৰ পুত্ৰ বাপনক একে গাঁৱৰে তপন মজুমদাৰ নামৰ এজন লোকে কৰ্মসংস্থাপন দিবৰ বাবে মেঘালয়লৈ লৈ গৈছিল ৷ 14 মাহে মেঘালয়ৰ চাৰি কিলোত বি.বামন নামৰ ফাৰ্মাচীত কৰ্মচাৰী হিচাপে আছিল যদিও ঘৰলৈ আহিবৰ বাবে প্ৰাপ্য ধন বিচৰাত ফাৰ্মাচীখনৰ স্বতাধিকাৰী বাপন মজুমদাৰ,তপন মজুমদাৰ আৰু মিঠুন মজুমদাৰে উপৰ্যুপৰি প্ৰহাৰ কৰে তেওঁক ৷
অকথ্য নিৰ্যাতনৰ বলি হোৱা যুৱকজনক পৰৱৰ্তী সময়ত পিতৃয়ে উদ্ধাৰ কৰি লংকালৈ লৈ আহে। উল্লেখ্য যে,যুৱকজনক অমানুষিক অত্যাচাৰ চলোৱা লোককেইজন লংকাৰ বামুনগাঁৱৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে,বাপন মজুমদাৰৰ চিকিৎসা অব্যাহত থকাৰ লগতে ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে উদালী আৰক্ষীক অৱগত কৰিছে।