ETV Bharat / state

পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে প্ৰতিবাদ লংকাত - আত্মসাৎ

হোজাই জিলা লংকাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ দুবাৰকৈ পথ নিৰ্মাণৰ বাবে আৱন্টিত হ'ল ধন কিন্তু নিৰ্মাণ নহ'ল পথ ৷

পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে প্ৰতিবাদ লংকাত
author img

By

Published : Aug 8, 2019, 11:16 AM IST

হোজাই,8 আগষ্ট : হোজাই জিলা লংকাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ বিষয়া,কৰ্মচাৰীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে প্ৰতিবাদ লংকাত

অভিযোগ অনুসৰি , লংকাৰ ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পথটোৰ দুৰৱস্থাৰ বাবে বহু সমস্যাত ভুগি আহিছে অঞ্চলবাসী ৷ পথটো নিৰ্মাণৰ বাবে এম জি এনৰেগাৰ আঁচনিৰ অধীনত ২০১৪-১৫ বৰ্ষত ১৭,৯৩,৩৪২ টকা আৱন্টিত হোৱাৰ লগতে সেই একেটা পথ পুনৰ নিৰ্মাণৰ বাবে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট‌ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত ১৪,৪০০০টকা আৱন্টিত হৈছিল ৷ কিন্তু একেটা পথৰ নামত দুটাকৈ আঁচনিৰ মাধ্যমৰে ধন আৱন্টিত হ'ল যদিও, ৰহস্যজনকভাৱে আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পথটো ৷ পথৰ দুয়ো কাষে দুখনকৈ ফলক আৰিয়ে দায়িত্ব সামৰিলে পঞ্চায়তটোৰ বিষয়া, ঠিকাদাৰে ৷ পুখুৰী সদৃশ এই পথৰ বাবে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে, পথটোৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰসকলে বিদ্যালয়লৈ যাবলৈও বহু সমস্যাত ভোগে ৷ অতি শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী জনায় স্থানীয় ৰাইজে ৷

Intro:দুবাৰকৈ ধন আবন্টিত হ'ল যদিও নিৰ্মাণ নহ'ল পথ ।Body:হোজাই জিলা লংকাত পথ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ ।

দুবাৰকৈ ধন আবন্টিত হ'ল যদিও নিৰ্মাণ নহ'ল পথ ।

ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ বিষয়া,কৰ্মচাৰীৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ ।

ফলক আৰিয়ে দায়িত্ব সামৰিলে বিষয়া,ঠিকাদাৰে ।

এটা পথক কেন্দ্ৰ কৰি এতিয়া দুৰ্ভোগ এই সকল ৰাইজৰ ।পথৰ দুৰৱস্থাৰ বাবে নিতৌ যমৰ যাতনা ভোগ কৰিব লগা হৈছে ৯২ নং লামডিং বিধানসভা সমষ্টিৰ ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ এই সকল স্থানীয়‌ ৰাইজে ।চৰকাৰ আহে আৰু যায়,কিন্তু এই সকল দুৰ্ভগীয়া ৰাইজৰ সমস্যাবোৰ যেন সমস্যা হৈয়ে ৰৈ যায় । স্থানীয় ৰাইজে বিজেপি হায় হায় লামডিং বিধায়ক হায় হায় বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে এই পথছোৱাত।পথ আছে ঠিকেই কিন্তু পথৰ এই তথৈবচ অৱস্থাৰ বাবে নৰক যন্ত্ৰণা ভূগিব লগা হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে ।পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ নকৰে ১০৮ মৃত্যুঞ্জয় সেৱাও ।অভিযোগ অনুসৰি,ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱা নিৰ্মাণৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত ২০১৪-১৫ বৰ্ষত ১৭,৯৩,৩৪২ টকা আবন্টিত হোৱাৰ লগতে সেই একেটা পথ নিৰ্মাণৰ বাবে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট‌ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত ১৪৪০০০টকা আবন্টিত হৈছিল ।কিন্তু,একেটা পথৰ নামত দুটাকৈ আঁচনিৰ মাধ্যমৰে ধন আবন্টিত হ'ল যদিও ৰহস্যজনক ভাৱে আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পথটো ।পথৰ দুয়ো কাষে দুখনকৈ ফলক আৰিয়ে দায়িত্ব সামৰিলে পঞ্চায়তটোৰ বিষয়া,ঠিকাদাৰে ।সেয়েহে পুখুৰী সদৄশ পথৰ এই ৰূপত‌ জীয়াতু ভূগি অঞ্চলবাসী ক্ষুদ্ধ হৈ পৰাৰ লগতে পঞ্চায়তটোৰ বিষয়া,ঠিকাদাৰে মিলি সমুদায় ধন আত্মসাৎৰ অভিযোগ তুলি প্ৰতিবাদ‌ সাবস্ত্য কৰিলে ।ৰাজ্যৰ গ্ৰামাঞ্চল সমূহৰ পঞ্চায়ত‌ৰাজ ব্যৱস্থাত যে এতিয়াও চৰম অনিয়ম সংঘটিত‌ হৈ আছে সেই কথা পুনৰ প্ৰমাণিত‌ হৈ পৰিল ।

Byte.Local public 1,2,

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.