হোজাই, ১৫ জুলাই:হোজাই জিলাৰ লংকাত শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও মাৰপিটৰ ঘটনাত সাঙোৰ খাই পৰিছে লংকা শিক্ষাখণ্ডৰ এজন প্ৰধান শিক্ষক । লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত 'কপিলিপাৰ মুচ্চাবিৰ আলী' প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জনৰ নাম জাকিৰ হুচেইন তপাদ্দাৰ ।
শিক্ষকজনে শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত জড়িত হৈয়ো মাৰপিটৰ দৰে ঘটনাত জড়িত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে তেওঁৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক গোচৰো ৰুজু কৰা হৈছে । বৰ্তমান লংকাৰ পৰা পলায়ন কৰি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা শিক্ষক জাকিৰ হুচেইনৰ বিৰুদ্ধে আন বহু অভিযোগো আছে । তেওঁৰ বিৰুদ্ধে বিদ্যালয়ত নিজে অনুপস্থিত থাকি পৰিয়ালৰ লোকৰ দ্বাৰা পাঠদান কৰায় ,ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক দেখুৱাই মধ্যাহ্ন ভোজনৰ ধন আত্মাসাৎ কৰাকে ধৰি মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাৰো অভিযোগ আছে । এতিয়া এইক্ষেত্ৰত সংশ্লিষ্ট শিক্ষাখণ্ডটোৰ বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।