ETV Bharat / state

Allegation of corruption: বৰবালি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - বৰবালি গাওঁ‌ পঞ্চায়তৰ সভানেত্ৰী

হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৱাৰ্ড সদস্যই ৷

Gaon Panchayat Press Conference
বৰবালি গাওঁ‌ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 3:45 PM IST

বৰবালি গাওঁ‌ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ সংবাদমেল

হোজাই, 5 নৱেম্বৰ: হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত বিয়াগোম কেলেংকাৰীৰ অভিযোগ ৷ বিগত কেইবাটাও বৰ্ষত উন্নয়ন খণ্ডটোত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৱাৰ্ড সদস্যই ৷ ইতিমধ্যে উন্নয়ন খণ্ডটোৰ কেইবাগৰাকী বিষয়া-অভিযন্তা কেলেংকাৰীৰ গোচৰত নিলম্বিত হৈছে ৷ শেহতীয়া বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিষয়া শেৱালী চক্ৰৱৰ্তী দুৰ্নীতি ঘোচ লোৱা অৱস্থাত নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰি নিলম্বিত হৈছিল ৷

ইয়াৰ পিচতে শনিবাৰে 9 গৰাকী ৱাৰ্ড সদস্যই সংবাদমেলত সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৷ নিলম্বিত বিষয়া শেৱালী চক্ৰৱৰ্তীৰ সৈতে সু-সম্পৰ্ক থকা খণ্ডটিৰ বৰবালি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ আনিছে ৷ তাৰ পাচতো পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ৷

স্বামীৰ দুৰ্নীতি আৰু কমিচনৰাজৰ বিৰুদ্ধে ৱাৰ্ড সদস্যই নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ওচৰত আজি অভিযোগ দাখিল কৰে ৷ অভিযোগ অনুসৰি পঞ্চায়ত সভানেত্ৰীৰ স্বামীক পঞ্চাদশ বিত্তীয় আয়োগৰ ধনৰে চলি থকা কামৰ ৩৫ শতাংশ ধন লাগে ৷ এই কমিচনখিনি নিদিয়াৰ বাবে কাম সমুহৰ বাকী ধন মোকলাই দিয়া নাই ৷

ইতিমধ্যে আৱণ্টিত ২৫ শতাংশ ধনৰে বিভাগীয় অভিযন্তা আৰু সচিবৰ তত্ত্বাৱধানত কাম শেষ হৈছে ৷ বাকী ধন মোকলাই দিলেহে কামসমূহ সম্পূৰ্ণ হ’ব ৷ উল্লেখ্য যে, পঞ্চাদশ বিত্তীয় আয়োগৰ ধনেৰে বিভিন্ন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ মেৰামতিৰ কাম ধৰা হৈছিল ৷ কাম সম্পূৰ্ণ নোহোৱাত শিক্ষানুষ্ঠান সমুহতো অসুবিধাৰ সৃষ্টি হৈছে ৷

ফলত অতিষ্ঠ হৈ 9 গৰাকী ৱাৰ্ড সদস্যই পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ কমিচনৰাজৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে ৷ পঞ্চায়তটিত এনৰেগাকে ধৰি বিভিন্ন আঁচনি ৰুপায়ণত কোটি কোটি টকাৰ দুৰ্নীতি সংগঠিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ক্ষোভিত ৱাৰ্ড সদস্যই পুনৰ যাৱতীয় দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে উচ্চ তদন্তৰ দাবী জনাইছে ৷

লগতে পঢ়ক: DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.