ETV Bharat / state

দ্যা কাশ্মীৰ ফাইলচ ছবিখন বন্ধ কৰাৰ দাবী AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ - AIUDF chief Badruddin Ajmal

সৰ্বত্ৰে চৰ্চিত ছবি দ্যা কাশ্মীৰ ফাইলচ । বিভিন্ন জনৰ ভিন্ন প্ৰতিক্ৰিয়া । ছবিখন প্ৰসংগত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলেও (Badruddin Ajmal demands ban on The Kashmir Files) ।

The Kashmir Files
'দ্যা কাশ্মীৰ ফাইলচ' ছবিখন বন্ধ কৰিব লাগে: বদৰুদ্দিন আজমল
author img

By

Published : Mar 16, 2022, 8:52 PM IST

Updated : Aug 24, 2022, 8:58 AM IST

হোজাই,১৬ মাৰ্চ: "দ্য়া কাশ্মীৰ ফাইলচ"(The Kashmir Files) হিন্দী ছবিখনৰ সন্দৰ্ভত মন্তব্য বদৰুদ্দিন আজমলৰ । কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব লাগে ছবিখন । ছবিখনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বুলি মন্তব্য বদৰুদ্দিন আজমলৰ (Badruddin Ajmal demands ban on The Kashmir Files) । ছবিখন বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীকে ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান আজমলৰ ।

ছবিখন চোৱাৰ পাছত মুছলমানক মুকলিকৈ গালি দিছে বুলি অভিযোগ AIUDF প্ৰধানৰ । বৰ্তমান ভাৰতবৰ্ষত তেনেকুৱা পৰিৱেশ নাই । এয়া ৩০-৪০ বছৰ আগৰ ঘটনা বুলি মন্তব্য কৰে আজমলে । হিন্দু-মুছলমানৰ মাজত কাঁজিয়া লগোৱাৰ উদ্দেশ্যে এই ছবিখন নিৰ্মাণ কৰা হৈছে ।

সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ আসন সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আজমলে । লগতে সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ দল বিফল হোৱাৰ কথাও উল্লেখ কৰে আজমলে । অসমৰ পৌৰসভা নিৰ্বাচনতো সকলো আসন বিজেপিয়েই লৈ গ'ল । গতিকে ৰাজ্যসভাৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে । যিহেতু BJP ৰ লগত মাত্ৰ এখন আসনক লৈ চেলেঞ্জ হৈছে, গতিকে সকলো বিৰোধীক এক হৈ যুঁজ দিয়াৰ আহ্বান আজমলৰ ।

ইফালে অসমৰ কোনো নেতাৰ ওপৰতেই হেনো আস্থা নাই আজমলৰ । সকলোৱে ইয়াতহে মাত মাতে; কিন্তু দিল্লীত গৈ মাত মতাৰ কাৰো সাহস নাই । সেয়ে তেওঁ ডাইৰেক্ট দিল্লীৰ লগত কথা পতাৰ কথা উল্লেখ কৰে ।

কংগ্ৰেছে যদি AIUDF ক ৰাজ্যসভাত আসন লাভ কৰিবলৈ সুবিধা কৰি দিয়ে, তেনেহ’লে অহা বাৰলৈ কংগ্ৰেছক তেওঁৰ দলে সহায় কৰাৰ আশ্বাসৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক: গোলাঘাটৰ পাঁচআলিত ভয়াৱহ অগ্নিকাণ্ড

Last Updated : Aug 24, 2022, 8:58 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.