ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ ভুমি বেদখল: উত্তপ্ত হোজাইৰ নন্দলালপুৰ - উত্তপ্ত হোজাই

এফালে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি ৰাজ্য চৰকাৰৰ, আনফালে চৰকাৰী বিদ্যালয়ৰ মাটি বেদখলৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত ৷ শেহতীয়াকৈ হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত দলিৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ মাটি বেদখলৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে জিলাখনৰ নন্দলালপুৰ অঞ্চলত ৷

acquisition-of-government-school-creates-public-outrage-in-hojai
চৰকাৰী বিদ্যালয়ৰ ভুমি বেদখলৰ ঘটনাত উত্তপ্ত হ’ল হোজাইৰ নন্দলালপুৰ
author img

By

Published : Jun 13, 2021, 1:44 PM IST

হোজাই,13 জুন : ৰাজ্যত সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে(CM Himanta Bishwa Sarma lead government) অবৈধ ভূমি বেদখলকাৰী(illegal land acquisition) ৰ বিৰুদ্ধে তীব্ৰ স্থিতি গ্ৰহণ কৰিছে ৷ এফালে যদি বেদখলকাৰীৰ দখলৰ পৰা ধৰ্মীয় স্থানৰ মাটি উদ্ধাৰ কৰিছে, আনফালে বনাঞ্চল অথবা কৃষিভূমিৰ মাটি উদ্ধাৰ কৰিবলৈ উঠি-পৰি লাগিছে চৰকাৰী পক্ষ ৷ এনে সময়তে ৰাজ্যত চৰকাৰী বিদ্যালয়ৰ মাটি অধিগ্ৰহণৰ এটা ঘটনা সংঘটিত হোৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে হোজাই জিলাত ৷

চৰকাৰী বিদ্যালয়ৰ ভুমি বেদখলৰ ঘটনাত উত্তপ্ত হ’ল হোজাইৰ নন্দলালপুৰ

উল্লেখযোগ্য যে, জিলাখনৰ নন্দলালপুৰস্থিত যোগীজান শিক্ষা খণ্ডৰ(Jogijan educational block) অন্তৰ্গত দলিৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ মুঠ আঢ়ৈ বিঘা মাটিৰ এক বিঘা মাটি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ উত্থাপিত হৈছে লালমহন বিশ্বাস নামৰ এজন লোকৰ বিৰুদ্ধে ৷ লোকজনে জোৰ-জুলুমকৈ চৰকাৰী বিদ্যালয়ৰ মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদত লিপ্ত হ’ল অঞ্চলটোৰ দুই শতাধিক জনতা ৷

জানিব পৰা মতে, একেখন গাঁৱৰে লালমহন মালাকাৰ নামৰ ব্যক্তিজনে মইমতালিৰে বিদ্যালয়খনৰ মাটিত এখন দোকান স্থাপন কৰিছে ৷ এই ঘটনাত অতিষ্ঠ হৈ সম্প্ৰতি ৰাইজে মালাকাৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু (case registered) কৰিছে ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিৰ সময়ত অঞ্চলবাসীয়ে এতিয়া বিদ্যালয়ৰ মাটি বেদখলৰ সৈতে জড়িত থকা লোক গৰাকীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থাৰ আশা কৰিছে ৷

লগতে পঢ়ক: ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.