ETV Bharat / state

প্ৰেমেই কাল হ’ল ডবকাৰ ৰুহুল আলীৰ

author img

By

Published : Jun 17, 2021, 10:18 PM IST

ডবকাত ১০ জুনত সংঘটিত ৰুহুল আলী হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য উন্মোচিত হৈছে ৷ প্ৰেমৰ বাবেই হত্যাৰ বলি হৈছিল ৰুহুল ৷ অভিযোগ অনুসৰি, কিশোৰী প্ৰেমিকাৰ পৰিয়ালে মৰিয়াই মৰিয়াই হত্যা কৰিছিল কিশোৰজনক ৷ হত্যাৰ ২০ মিনিট পূৰ্বে ফোনযোগে ৰুহুলক অন্ধকাৰ ঠাইলৈ মাতি নিছিল প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ নবৌয়েকে ৷ ভাইৰেল হৈছে অডিঅ’ ৰেকৰ্ডিং ৷ প্ৰেমিক প্ৰেমিকাৰ ভাইৰেল ফটোৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ইতিমধ্যে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ডবকা আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে প্ৰেমিকাৰ পিতৃ আৰু ভাতৃক ৷

প্ৰেমেই কাল হ’ল ডবকাৰ ৰুহুল আলীৰ
প্ৰেমেই কাল হ’ল ডবকাৰ ৰুহুল আলীৰ

হোজাই,17 জুন: বিগত১০ জুনত এক ভয়ংকৰ ঘটনাই কপাই গৈছিল ডবকা অঞ্চল ৷ ডবকাৰ ভেলৌগুৰিত মূৰ্মুষ অৱস্থাত উদ্ধাৰ হৈছিল ৰুহুল আলী নামৰ এগৰাকী কিশোৰ ৷ কোনো লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি নলাত পেলাই দিয়া ৰুহুল আলীক অচেতন অৱস্থাত উদ্ধাৰ কৰি পৰিয়ালৰ লোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যুক সাৱটি লয় ৰুহুল আলীয়ে ৷

প্ৰেমৰ বাবেই ৰুহুল আলীক হত্যা কৰা হল বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু বৰ্তমান সেয়া সত্যত প্ৰমাণিত হৈছে ৷ সম্প্ৰতি ৰুহুল আলীৰ হত্যাকাণ্ডৰ কেতবোৰ বিস্ফোৰক তথ্য উন্মোচিত হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে মৃত ৰুহুল আলীৰ পৰিয়ালে ৷

প্ৰেমেই কাল হ’ল ডবকাৰ ৰুহুল আলীৰ

অভিযোগ অনুসৰি, গাঁওখনৰ এগৰাকী নাবালিকা কিশোৰীৰ লগত ৰুহুল আলীৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ কিন্তু সেই প্ৰেম পৰিয়ালৰ লোকৰ বাবে মান-সন্মানৰ হেৰুৱাৰ কাৰণ হৈ পৰিছিল ৷ যাৰ বাবে 10 জুনৰ নিশা প্ৰেমিকাৰ জৰিয়তে ৰুহুল আলীক মাতি নিছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ তাৰ পিছতে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল ৰুহুল আলীক ৷ পাঁচজন লোকে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি মৃত্যুৰ পূৰ্বে ৰুহুল আলীয়ে কৈছিল পৰিয়ালৰ লোকক ৷

প্ৰেমেই কাল হ’ল ডবকাৰ ৰুহুল আলীৰ
প্ৰেমেই কাল হ’ল ডবকাৰ ৰুহুল আলীৰ

ৰুহুল আলীৰ মৃত্যুৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল প্ৰেমিক প্ৰেমিকাৰ বহু গোপন ফটো ৷ মৃত্যুৰ আধাঘন্টা পূৰ্বে ৰুহুল আলীক ফোন কৰি মাতি নিয়াৰ কল ৰেকৰ্ডো ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে ৷

ইফালে উক্ত ঘটনাৰ সংক্ৰান্তত ডবকা আৰক্ষীয়ে প্ৰেমিকা পিতৃ আৰু ককায়েকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ কিন্তু এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে আন বহু হত্যাকাৰী ৷

ইফালে এতিয়ালৈকে আৰক্ষীয়ে জব্দ কৰা নাই হত্যাৰ বহু ক্লু’ থকা ৰুহুল আলীৰ ম’বাইল ৷ গ্ৰেপ্তাৰ কৰা নাই প্ৰেমিকা আৰু প্ৰেমিকাৰ নবৌয়েকক ৷ স্থানীয় ৰাইজৰ লগতে বহু দল সংগঠনে এই হত্যাকাণ্ডৰ উচিত তদন্ত কৰি, হত্যাকাৰীক উচিত শাস্তি দিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: চাবুৱাত বিকলাংগ যুৱতীক ধৰ্ষণ(RAPE)ৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.