ETV Bharat / state

Food poisoning in Lanka: লংকাত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন 7গৰাকীকৈ লোক

author img

By

Published : Oct 17, 2022, 4:48 PM IST

হোজাই জিলা লংকাত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন পুৰুষ-মহিলাসহ 7 গৰাকীকৈ লোক (Food poisoning in Lanka)। লংকাৰ জয়সাগৰৰ ৰবিন্দ্ৰ মজুমদাৰ নামৰ ব্যক্তিজনৰ পৰিয়ালত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷

A family suffers after eating poisonous mushrooms in Lanka
লংকাত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন 7গৰাকীকৈ লোক

হোজাই, ১৭ অক্টোবৰ: আপুনি কাঠফুলা খাই ভাল পাই নেকি? তেতিয়াহলে সাৱধান হৈ যাওক আপুনি ৷ কিয়নো য’তে-ত’তে পোৱা কাঠফুলাই আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে ৷ শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হোজাই জিলাৰ লংকাত ৷ বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন হ’বলগীয়া হৈছে পুৰুষ-মহিলাসহ ৭ গৰাকীকৈ লোক (Food poisoning in Lanka) ৷ লংকাৰ জয়সাগৰৰ ৰবিন্দ্ৰ মজুমদাৰ নামৰ ব্যক্তিজনৰ পৰিয়ালত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ৰবিন্দ্ৰ মজুমদাৰৰ ঘৰৰ বাৰীত হৈছিল কাঠফুলা ৷ শনিবাৰে নিশা ৰবিন্দ্ৰ মজুমদাৰৰ পত্নীয়ে কাঠফুলা বনাইছিল ৷ নিশাৰ আহাৰত পৰিয়ালৰ ৭ গৰাকীকৈ লোকে গ্ৰহণ কৰে এই কাঠফুলা (Family suffers after eating poisonous mushrooms in Lanka ) ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ পিছত সকলোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি শোৱাপাটীলৈ যায় ৷ কিন্তু তাৰ পিছতেই ইজনৰ পিছত সিজনৰ আৰম্ভ হয় বমি, শৌচ আৰম্ভ হোৱাৰ লগতে ক্ৰমে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ৷

পিছত ততাতৈয়াক আটাইকে হোজাই হাম হাস্পতালত ভৰ্তি কৰোৱা হয় । ইফালে আক্ৰান্তৰ ভিতৰত আছে দুগৰাকী আলহীও ৷ আক্ৰান্ত কেইগৰাকী ক্ৰমে, বিশ্বজিৎ মজুমদাৰ(৩০), জৰ্ণা মজুমদাৰ(৫২), সুজন মজুমদাৰ(২৬), সুমিত্ৰা দাস(২২), মামনি মজুমদাৰ(২০), লক্ষী মজুমদাৰ(৭০) আৰু পায়েল দাস(১৮) । ইয়াৰে পায়েল মজুমদাৰ আৰু বৃদ্ধা লক্ষী মজুমদাৰ হৈছে আলহী । তেওঁলোকৰ ঘৰ কাৰ্বি আংলংৰ ৰংকুটত । উল্লেখ্য আজি আক্ৰান্তসকলৰ অৱস্থা কিছু সুস্থিৰ হোৱাত আটাইকে হাস্পতালৰ পৰা মুকলি কৰি দিয়া হ’ব বুলি জনায় পৰিয়ালবৰ্গই ৷

উল্লেখ্য যে, বিষাক্ত কাঠফুলা খাই মানুহৰ মৃত্যু হোৱাৰ খবৰ প্ৰায়ে সংবাদ মাধ্যমত শুনিবলৈ পোৱা যায় । বিষাক্ত কাঠফুলা খাই কোনোৱে যদি আক্ৰান্ত হয় আন কোনোৱে আকৌ মৃত্যুক সাৱটি ল’বলগীয়াও হোৱা দেখা যায় ৷ বিষাক্ত কাঠফুলা বা বনৰীয়া কাঠফুলা খাই বিপদত পৰাৰ মূল কাৰণটো হৈছে, কাঠফুলাৰ চিনাক্তকৰণত অসুবিধা আৰু লোকবিশ্বাস (Poisonous mushrooms)।

কোন বিধা কাঠফুলা খোৱাৰ উপযোগী আৰু কোন বিধ কাঠফুলা বিষাক্ত বা খোৱাৰ বাবে অপকাৰী তাক চিনাক্ত কৰাত আজিও বহু লোকে ভুল কৰে । বহু লোকে চিনাক্তকৰণত ভুল কৰি বনৰীয়া বিষাক্ত কাঠফুলা খোৱাৰ ফলত মৃত্যু সাৱটিবলগীয়া হয় ।

সমান্তৰালভাৱে আমাৰ সমাজত কাঠফুলাৰ খোৱাৰ ক্ষেত্ৰত কিছুমান লোকবিশ্বাসও চলি আছে । বহু লোকে প্ৰচলিত বিশ্বাস অনুসৰি কাঠত বিকশিত হোৱা কাঠফুলা খোৱাৰ বাবে সংগ্ৰহ কৰে । কিন্তু এয়া ভুল, কিয়নো কাঠত বিকশিত হোৱা সকলো কাঠফুলা খোৱাৰ উপযোগী নহয় । এনে ভুলৰ বাবে বহু লোকৰ ইতিমধ্যে মৃত্যুও হৈছে । সেয়েহে যিকোনো কাঠফুলা খোৱাৰ আগত সাৱধান হওক ৷

লগতে পঢ়ক: বিশ্বনাথত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৬ গৰাকী শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.