হোজাই,18 জানুৱাৰীঃ শনিবাৰে হোজাইত সংঘটিত হয় শোকাৱহ দুৃৰ্ঘৰ্টনা ৷ চলন্ত ৰে'লৰ খুন্দাত নিহত হয় এজন যুৱক। নিহত যুৱকজন ভূঞাপট্টিৰ 24 বছৰীয়া আব্দুল শ্বফিক বুলি জানিব পৰা গৈছে । ৰে'লপথ অতিক্ৰম কৰিবলৈ লোৱাত এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ ৷ হোজাইত থকা ভাৰতীয় খাদ্য নিগম কাৰ্যলয়ৰ সমীপৰ ৰে'ল পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ইতিমধ্যে ৰে'ল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে ৷
লগতে চাওকঃসংবিধানৰ 126সংখ্যক সংশোধনী বিধেয়কত অনুমোদন মধ্যপ্ৰদেশৰ