ETV Bharat / state

হোজাই ৰে'ল ষ্টেচনত জব্দ গাঞ্জা - Hojai Railway Station

বিভিন্ন সময়ত ৰে'লপথেৰে চোৰাং সামগ্ৰীৰ সৰবৰাহ হৈ আহিছে ৷ চোৰাং সৰবৰাহকাৰীসকলে সহজ উপায় হিচাপে বাছি লৈছে ৰে'লপথ ৷

গাঞ্জা জব্দ
author img

By

Published : May 4, 2019, 10:35 PM IST

হোজাই, 4 মেঃ হোজাই আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ শনিবাৰে হোজাই ৰে'ল ষ্টেচনৰ পৰা গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে ৷

গাঞ্জা জব্দ

জানিব পৰা মতে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাই বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জব্দ কৰিবলৈ সক্ষম হয় চোৰাং সামগ্ৰীসমূহ ৷ স্থানীয় বিদ্যানগৰৰ ৰীণা বিশ্বাস নামৰ এগৰাকী মহিলাৰ পৰা গাঞ্জাখিনি জব্দ কৰে ৷ ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

স্থল পথ নহয় ৰেলপথৰে এতিয়া চোৰাং সৰবৰাহকাৰীয়ে সৰবৰাহ কৰে চোৰাং সামগ্ৰী।হয় চোৰাং ব্যৱসায়ীয়ে নিৰাপদ পথ হিচাপে ব্যৱহাৰ কৰিছে  ৰেলক।কিন্তু চোৰাং ব্যৱসায়ীক ৰুধিবলৈ যেন সষ্টম আৰক্ষী।লামডিংত বৃহৎ পৰিমাণৰ নগদ ধন সহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈছে আন এগৰাকী মহিলা ব্যৱসায়ী।।শনিবাৰে ৰেলেৰে ড্ৰাগছ কঢ়িয়াই অনা এগৰাকী মহিলাক ষ্টেচনৰ সমীপতে হাতে লুটে গ্ৰেপ্তাৰ কৰে হোজাই আৰক্ষীয়ে।থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰাই এক গোপন সূত্ৰৰ পম খেদি অভিযান চলোৱাত বিদ্যানগৰৰ ৰীনা বিশ্বাস নামৰ মহিলা গৰাকীৰ বেগৰ ভিতৰৰ পৰা কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত দুই টোপোলা গাঞ্জা জব্দ কৰে।
টোপোলা দুটাত তিনি কেজি গাঞ্জা থকাৰ কথা ধৃত মহিলা গৰাকীয়ে স্বীকাৰ কৰাৰ লগতে ৯ হাজাৰ টকাত ক্ৰয়  কৰি প্ৰতি কেজিত ৪ হাজাৰ টকাত বিক্ৰী কৰে বুলিও ভাষ্য প্ৰদান কৰে।ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীক মাৰথন জেৰা চলাই আছে।।

BITE-আৰক্ষী

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.