হাইলাকান্দি,4 জানুৱাৰী : দেওবাৰে নিশা হাইলাকান্দিত বন বিভাগে অভিযান চলাই জব্দ কৰে এখন চোৰাং কাঠভৰ্তি ট্ৰাক ৷ মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী AS-01-GC-3979 নম্বৰৰ চোৰাং চেগুণ কাঠভৰ্তি নথি-পত্ৰবিহীন ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷
ট্ৰাকখনত থকা চেগুণ কাঠৰ বজাৰ মূল্য 5 লক্ষাধিক বুলি জানিব পৰা গৈছে ৷ আৰক্ষী আৰু পৰিবহন বিভাগক মেনেজ কৰি এইদৰে প্ৰতিদিনে অবৈধ চোৰাং কাঠৰ বাহন সৰবৰাহ কৰাৰ কথা ব্যক্ত কৰে আটকাধীন ট্ৰাকচালকে ৷
লগতে পঢ়ক : 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান