হাইলাকান্দি,11এপ্ৰিল: অসমীয়া নতুন বছৰত আপুনি ৰেহাই মূল্যত সোনৰ গহনা কিনিব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে হাইলাকান্দিলৈ আহিলে ১৮ আৰু ১৯ এপ্ৰিলত আপুনি পাব এই বিশেষ সুবিধা ৷ এইয়া কোনো বিহু উপলক্ষ্যে বিক্ৰেতাসকলে দিয়া অফাৰ নহয় বৰঞ্চ জিলাখনৰ চহৰ অঞ্চলত ভোটগ্ৰহণৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে হাইলাকান্দি জিলা প্ৰশাসনে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপহে । হাইলাকান্দি জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি চহৰৰ বিভিন্ন ব্যবসায়ীসকলে দিছে এই বিশেষ সুবিধা । ভোটগ্ৰহণৰ দিন অৰ্থাৎ ১৮ এপ্ৰিল আৰু তাৰ পিছদিনা ১৯ এপ্ৰিলত ক্ৰেতাসকলে লাভ কৰিব এই বিশেষ সুবিধা ৷ উল্লেখ্য যে ভোট দিয়াৰ পিছত ভোট দানৰ প্ৰমান স্বৰূপে অঙুলিত দিয়া নিলা দাগ আৰু ভোটাৰ আই কাৰ্ডটো দেখুৱালেই ক্ৰেতাই লাভ কৰিব ৪ পৰা সৰ্বাধিক ৩০ শতাংশ ৰেহাই । য'ত ঔষধ ক্ৰয় কৰিলে ৪ শতাংশ, সোনৰ গহনা নিৰ্মাণত ২০ শতাংশ, ৰেষ্টুৰেন্টত ১০ পৰা ১৫ শতাংশ আৰু ছাফাৰি ছুইটকেছ ক্ৰয় কৰিলে সৰ্বাধিক ৩০ শতাংশ লাভ কৰিব ভোটাৰ সকলে ।
ভোট দিলে ৩০ শতাংশলৈকে সামগ্ৰীত ৰেহাই হাইলাকান্দিত - discount
হাইলাকান্দি জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ ৷ হাইলাকান্দিত ১৮ আৰু ১৯ এপ্ৰিলত ভোটাৰ সকলৰ আঙুলিত দিয়া নীলা দাগ দেখুৱালে লাভ কৰিব ৪ পৰা সৰ্বাধিক ৩০ শতাংশ ৰেহাই ।