ETV Bharat / state

Militant groups in Barak valley: অসম চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে বৰাকৰ দুই অস্ত্ৰসম্বৰণকাৰী উগ্ৰপন্থী সংগঠনে - Bru revolutionary Army of Union

বৰাকত ক্ষোভত জ্বলিছে অস্ত্ৰসম্বৰণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্য ৷ চৰকাৰে আত্মসমৰ্পণৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে ‘‘ইউনাইটেড ডেমক্ৰেটিক লিবাৰেছন ফ্ৰন্ট’’(বৰাক) নামৰ সংগঠনটোৰ সদস্যসকলে (Militant groups in Barak valley)৷ পঢ়ক সবিশেষ...

Militant groups in Barak valley
surrendered militant groups
author img

By

Published : Jun 7, 2023, 10:45 PM IST

অসম চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে বৰাকৰ দুই অস্ত্ৰসম্বৰণকাৰী উগ্ৰপন্থী সংগঠনে

কৰিমগঞ্জ, 7 জুন: বিজেপি চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসমত অস্ত্ৰ এৰি মূল সূঁতিলৈ ঘূৰি আহিল বহু কেইটা উগ্ৰপন্থী সংগঠন ৷ 2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ চুক্তিৰ পৰা আৰম্ভ কৰি চলিত বৰ্ষৰ 27 এপ্ৰিলত হোৱা ডি এন এল এৰ সৈতে হোৱা চুক্তিলৈকে, উগ্ৰবাদ নিৰ্মূলৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সফল হোৱা যেন ধাৰণা হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সদম্ভে দাবী কৰি আহিছে যে, তেওঁলোকৰ শাসনকালত অসমত জনগোষ্ঠীয় বিপ্লৱৰ সম্পূৰ্ণ ৰূপে অন্ত পৰিছে ৷ কিন্তু চুক্তিমতে সকলোবোৰ হৈছে নে ? (Militancy in Assam)

বিভিন্ন সময়ত চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি বিদ্ৰোহী সংগঠন সমূহে সুবিধা লাভ নকৰাৰ বা স্বাক্ষৰিত চুক্তিৰ দফাসমূহ কাৰ্যকৰী নকৰাৰ অভিযোগ উঠি আহিছে ৷ আলোচনাৰ বাবে জংঘলৰ পৰা ওলাই অহা কমতাপুৰ লিবাৰেচন আৰ্মী চমুকৈ কে এল অ’ৰ মুৰব্বী জীৱন সিংহৰ সৈতে হ’ব লগীয়া শান্তি আলোচনা আজিও ওলমি থাকিল অজ্ঞাত কাৰণত ৷ এইবাৰ বৰাকৰ দুটা আত্মসমৰ্পণকাৰী সংগঠনে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে (Tribal militancy in Assam) ৷

12 ডিচেম্বৰ 2022, সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সূঁতিলৈ উভতি আহিছিল বৰাক উপত্যকাৰ দুটা উগ্ৰপন্থী সংগঠন । সুদীৰ্ঘ 16 বছৰৰ সংগ্ৰামৰ অন্তত অস্ত্ৰ সমৰ্পন কৰিছিল ‘‘ব্ৰু ৰিভলিউছনাৰি আৰ্মি অৱ ইউনিয়ন’’ চমুকৈ ‘BRAU’ আৰু ‘‘ইউনাইটেড ডেমক্ৰেটিক লিবাৰেছন ফ্ৰন্ট’’(বৰাক) চমুকৈ UDLF (B) সংগঠনৰ ১১৭৯ গৰাকী সদস্যই । আত্মসমৰ্পণৰ বাবে তেওঁলোকৰ আছিল কিছু সাধাৰণ দাবী (Surrendered rebel group of Barak valley)।

লগতে পঢ়ক: APLA cadres surrendered: শান্তি বিচাৰি অস্ত্ৰ পৰিহাৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাসহ 39 আপলা কেডাৰৰ

বৰাক উপত্যকাৰ তিনিওখন জিলাৰ ৰিয়াং সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চলবোৰত খোৱা পানী, পকী পথ, বিদ্যুৎ সংযোগ প্ৰদান কৰা, ৰিয়াং লোকক মাটিৰ পট্টা প্ৰদান কৰা আদিৰ দাবী তুলিছিল সংগঠনকেইটাই । ৰাজ্য চৰকাৰে তেওঁ লোকৰ দাবী মানি আয়োজন কৰিছিলে আত্মসমৰ্পন অনুষ্ঠানৰ । কেবিনেট মন্ত্ৰী পিযুষ হাজৰীকাৰ উপস্থিতিত যোৱা বৰ্ষৰ 12 ডিচেম্বৰ অস্ত্ৰ ত্যাগ কৰিছিল প্ৰায় দুহাজাৰ বিদ্ৰোহী যুৱকে (Bru revolutionary Army of Union)।

কিন্তু আত্মসমৰ্পণৰ 6 মাহ অতিক্ৰম কৰাৰ পিচতো ৰাজ্য চৰকাৰে পূৰণ নকৰিলে তেওঁলোকৰ এটাও প্ৰতিশ্ৰুতি । কেৱল ইমানেই নহয়, আত্মসমৰ্পণৰ পিচত কোনো পৰিচয় পত্ৰও দিয়া হোৱা নাই এই যুৱকসকলক । এতিয়াও বিভিন্ন থানাত চলি থকা গোচৰৰ বাবে জাননী লাভ কৰি আহিছে তেওঁলোকে । ফলত আকৌ এবাৰ ক্ষোভ ঘনীভূত হ’বলৈ আৰম্ভ কৰিছে বৰাকৰ পাৰ্বত্য এলেকাৰ এই যুৱকসকলৰ মনত (United Democratic Liberation Front Barak)।

বুধবাৰে হাইলাকান্দিত সংবাদ মাধ্যমৰ আগতে নিজৰ ক্ষোভ ব্যক্ত কৰে আত্মসমৰ্পণকাৰী UDLF(B)ৰ সেনা প্ৰধান ৰাজকুমাৰ ৰিয়াঙে । ইপিনে, কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মাল্লাই উক্ত অভিযোগৰ সত্যতা স্বীকাৰ কৰি অতি সোনকালে এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাব বুলি আশ্বাস প্ৰদান কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.