হাইলাকান্দি, ২ জানুৱাৰী: হাইলাকান্দিৰ শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত শনিবাৰে ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জিলাখনৰ ৫ গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে বঁটা হিচাপে স্কুটী প্ৰদান কৰা হয় । পঞ্জীয়ন আৰু বীমাৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আন ছাত্ৰীসকলকো স্কুটী প্ৰদান কৰা হ'ব । হাইলাকান্দি জিলাত মুঠ ২১৮ গৰাকী ছাত্ৰীয়ে লাভ কৰিব স্কুটী ।
শনিবাৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰে ৰাজ্য চৰকাৰৰ মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । মন্ত্ৰীগৰাকীৰ লগতে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লায়ো ছাত্ৰীসকলক বঁটা প্ৰদান কৰে । অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে । স্কুটী প্ৰদান কৰি মন্ত্ৰী শুক্লবৈদ্যই কয় যে, এই বঁটাই পৰৱৰ্তী সময়ত মেধাৱী ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত হোৱাত উৎসাহ যোগাব ।
লগতে পঢ়ক:অনুসূচিত জাতিৰ শৈক্ষিক উত্তৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি