কৰিমগঞ্জ,21 ছেপ্তেম্বৰঃ হাইলাকান্দি জিলাৰ কাটাখাল জংচনৰ সমীপৰ কাটাখাল জানকীবজাৰৰ পথচোৱাত ৰে'ল ক্ৰ'চিং নিৰ্মাণ কৰাৰ দাবীত সোমবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে স্বচ্ছ সামাজিক নামৰ সংগঠনটোৱে ৷ ৰে'ল ক্ৰ'চিং নিৰ্মাণ নকৰাৰ ফলত অঞ্চলটোত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে সংগঠনটোৰ সভাপতি ৰফিকুল হক আৰু সম্পাদক সাইদুৰ ৰহমানে ৷
আনহাতে, ৰে'ল কৰ্তৃপক্ষই সংগঠনটোৰ দাবী মানি নোলোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলিও সংগঠনটোৰ নেতৃত্বই মন্তব্য কৰে ৷
লগতে পঢ়কঃবিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া