হাইলাকান্দি, 19 অক্টোবৰ: অসম চৰকাৰে শক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰি বিভাগৰ প্ৰতিবাদ ৷ ৰাজ্যজুৰি কৰ্মবিৰতি পালন বিভাগটোৰ কৰ্মচাৰীৰ ৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে হাইলাকান্দিতো বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ ৷ এঘন্টীয়া কৰ্মবিৰতি পালনেৰে হাইলাকান্দিত শক্তি বিভাগৰ কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
চৰকাৰ তথা চৰকাৰৰ সিদ্ধান্ত বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে যে বিভাগৰ ব্যক্তিগতকৰণ হ'লে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব ৷ চৰকাৰে তেওঁলোকৰ দাবী মানি ন'ললে প্ৰতিবাদকাৰী সকলে অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷