ETV Bharat / state

হাইলাকান্দিত ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ - ভাৰপ্ৰাপ্ত বিষয়া বিধান দাস

হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিধান দাসৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷

PROTEST AGAINST POLICE AT HAILAKANDI
ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ
author img

By

Published : Sep 11, 2020, 10:34 PM IST

হাইলাকান্দি,11ছেপ্তেম্বৰঃ এই বাৰ প্ৰতিবাদ কোনো পথ নিৰ্মাণ অথবা CAA বাতিলৰ দাবীত নহয়। এইবাৰ প্ৰতিবাদ সাব্যস্ত হৈছে ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিধান দাসৰ বিৰুদ্ধে। ৰাইজৰ অভিযোগ ভাৰপ্ৰাপ্ত বিষয়াজনে সদায় গাড়ী আৰু বজাৰত থকা শাক পাচলি বিক্ৰেতাৰ পৰা টকা সংগ্ৰহ কৰাৰ লগতে গাড়ীৰ নথিপত্ৰ সঠিক থাকিলেও ধন সংগ্ৰহৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷

ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ

ইপিনে বিষয়াজনক বদলিৰ দাবীত শুকুৰবাৰে মোহনপুৰৰ গাঁওৰ ৰাইজে মোহনপুৰ আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে অসম পুলিচ হায় হায়,মোহনপুৰ ভাৰপ্ৰাপ্ত বিষয়া বিধান দাস মুৰ্দাবাদ,মোহনপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰিবই লাগিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলে ৷ তেওঁলোকৰ দাবী যদিহে এই বিষয়াজনক ২৪ ঘন্টাৰ ভিতৰত বদলি নকৰে বিষয়া জনৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.