ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে পঞ্চায়ত প্ৰতিনিধিৰ মুকলি বিদ্ৰোহ - হাইলাকান্দি পঞ্চায়ত

হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ দিলে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ চৰকাৰী বিষয়াৰ কাম-কাজত মুকলিলৈ অসন্তুষ্টি ব্যক্ত কৰি জিলাখনৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

পঞ্চায়ত প্ৰতিনিধিৰ মুকলি বিদ্ৰোহ
author img

By

Published : Apr 1, 2019, 5:19 PM IST

হাইলাকান্দি, 1 এপ্ৰিলঃ হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ দিলে পঞ্চায়তত নিৰ্বাচিত জন প্ৰতিনিধিয়ে ৷ চৰকাৰী বিষয়াৰ কাম-কাজত মুকলিলৈ অসন্তুষ্টি ব্যক্ত কৰি জিলাখনৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

পঞ্চায়ত প্ৰতিনিধিৰ মুকলি বিদ্ৰোহ

নিৰ্বাচনৰ পূৰ্বেই এইদৰে খোদ জনপ্ৰতিনিধিয়ে ভোটবৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ হাইলাকান্দি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি, খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰে এইসকল নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৷

পঞ্চায়ত প্ৰতিনিধিৰ মুকলি বিদ্ৰোহ

উল্লেখ্য যে, হাইলাকান্দি উন্নয়নখণ্ডত পঞ্চায়ত ব'ৰ্ড গঠনৰ পৰৱৰ্তী সময়ত খণ্ড উন্নয়ন বিষয়াৰ একনায়কত্ববাদী চৰিত্ৰৰ প্ৰতিবাদতে এইদৰে ভোটবৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে 14খন গাঁও পঞ্চায়ত আৰু 14 খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে৷ প্ৰতিনিধিসকলৰ অভিযোগ অনুসৰি এম জি এনৰেগাৰ কাম নিয়ম অনুসৰি নোহোৱাৰ লগতে অকৰ্তৃত্বশীলভাৱে আঁচনিৰ ধন মোকোলাই দিয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ৷ এনে অৱস্থাত যদিহে নিৰ্বাচনৰ পূৰ্বেই নিয়ম অনুসৰি কাম আৰম্ভ নহয় তেতিয়া নিৰ্বাচনত জয়লাভ কৰাৰ সময়ত লাভ কৰা প্ৰমাণপত্ৰসমূহো ওভোটাই দিব বুলি উল্লেখ কৰে পঞ্চায়ত প্ৰতিনিধিসকলে ৷

SLUG :: হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ নিৰ্বাচিত জন প্ৰতিনিধিৰ। 

O/C :: নিৰ্বাচন অহাৰ লগে লগে আহে ভোট বৰ্জনও। দীৰ্ঘ দিন ধৰি উন্নয়নৰ পৰা বঞ্জিত হৈ সাধাৰণ ৰাইজে লয় ভোট বৰ্জনৰ সিদ্ধান্ত। কিন্তু এতিয়া কোন সাধাৰণ ৰাইজ নহয়, স্বয়ং নিৰ্বাচিত জনপ্ৰতিনিধি সকলে লৈছে ভোট বৰ্জনৰ সিদ্ধান্ত। 

V/O :: ভোট বৰ্জনৰ কৰিব স্বয়ং নিৰ্বাচিত জনপ্ৰতিনিধি সকলে। হয়! কোন সাধাৰণ ৰাইজ নহয়, এতিয়া ভোট বৰ্জন কৰিব হাইলাকান্দিৰ পঞ্চায়ত প্ৰতিনিধি সকলে।  হাইলাকান্দি উন্নয়নখণ্ডত পঞ্চায়ত বোৰ্ড গঠন হোৱাৰ পিছৰ পৰা কোন উন্নয়ন মূলক কাম ন'হোৱাৰ বাবে এই সিদ্ধান্ত লৈছে এইখন উন্নয়নখণ্ডৰ ১৪ গাওঁ পঞ্চায়ত সভাপতি আৰু ১৪ আঞ্চলিক পঞ্চায়ত সদস্যয়। আজি হাইলাকান্দি খণ্ড উন্নয়ন কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এইকথা ঘোষনা কৰে পঞ্চায়ত প্ৰতিনিধি সকলে। লগতে হাইলাকান্দিৰ খণ্ড উন্নয়ন বিষয়ায় হাইলাকান্দিত একনায়কত্ব চলোৱাৰ ও অভিযোগ উত্থাপন কৰে পঞ্চায়ত সকলে। ইপিনে যদি নিৰ্বাচনৰ আগতে নিয়ম অনুসৰি কাম আৰম্ভ নহয় তেনে পৰিস্হিতিত প্ৰতিনিধি সকলে তেওঁ লোকৰ নিৰ্বাচন জিকাৰ প্ৰমাণপত্ৰ সমূহ জিল‍া উপায়ুক্তক ঘোৰাই দিব বুলিও জনায়। 

byte :: PRI members

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.