ETV Bharat / state

মন্ত্ৰী পৰিমল শুক্লবৈদ্যক উভতি ধৰিলে বিধায়ক সুজাম উদ্দিন লস্কৰে - মন্ত্ৰী পৰিমল শুক্লবৈদ্যক উভতি ধৰিলে বিধায়ক সুজাম উদ্দিন লস্কৰে

এটা পানী যোগান আঁচনি উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ মাজত চলে কটাক্ষ ৷

মন্ত্ৰী পৰিমল শুক্লবৈদ্যক উভতি ধৰিলে বিধায়ক সুজাম উদ্দিন লস্কৰে

author img

By

Published : Jan 5, 2021, 10:11 PM IST

হাইলাকান্দি, 5 জানুৱাৰী: হাইলাকান্দি জিলাৰ অন্তৰ্গত কাটলিচেৰা সমষ্টিৰ সেৰালিপুল অঞ্চলত এটা পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ সেই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ কৃপানাথ মাল্লা আৰু কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ ৷

মন্ত্ৰী পৰিমল শুক্লবৈদ্যক উভতি ধৰিলে বিধায়ক সুজাম উদ্দিন লস্কৰে

সভাত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কটাক্ষ কৰে AIUDFৰ বিধায়ক সুজাম উদ্দিন লস্কৰক ৷ বিধায়ক গৰাকীয়ে মন্ত্ৰী শুক্লবৈদ্যৰ কটাক্ষৰ পাচতে জাঙুৰ খাই উঠে আৰু তেওঁকো উভতি ধৰে ৷ বিধায়কগৰাকীয়ে উল্লেখ কৰা অনুসৰি, মন্ত্ৰী শুক্লবৈদ্যই প্ৰশ্ন কৰে যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৰে ৰাইজক চাউল আদি মৌলানা বদৰুদ্দিন আজমলে দিব পাৰিছে নেকি ! সেই মন্তব্যৰ পাচতে মন্ত্ৰী গৰাকীক উভতি ধৰি সুজাম উদ্দিন লস্কৰে মন্তব্য কৰে যে,ৰাইজৰ সুবিধা দিয়াটো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ৷ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ৰাইজক সেৱা আগবঢ়াইছে ৷ যদিহে বদৰুদ্দিন আজমলো ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তেন্তে নিশ্চয় তেওঁ নৰেন্দ্ৰ মোডীতকৈয়ো অধিক পৰিমাণে সকলোকে সুবিধা প্ৰদান কৰিব ৷ কিয়নো ইতিমধ্যেই তেওঁ বহু লোককে বহু সুবিধা প্ৰদান কৰিছে ৷

লগতে পঢ়ক: চৰকাৰে আঁচনি ৰূপায়নৰ নামত ধাৰৰ বোজা জাপিছে-ৰাছেল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.