ETV Bharat / state

মাস্ক পৰিধান কৰিলেহে পেট্ৰল পাব গাড়ী চালকে

মাস্ক পৰিধান নকৰিলে পেট্ৰ'ল-ডিজেলৰ পৰা বঞ্চিত হব হাইলাকান্দি বাসীয়ে ৷ আনকি তেল ভৰাবলৈ অহা লোকক নিজাববীয়াকৈ মাস্ক বিতৰণ কৰিছে বিভিন্ন প্ৰতিষ্ঠানে ৷ সকলোকে নীতি-নিৰ্দেশনা মানিবলৈ আহ্বান প্ৰশাসনৰ ৷

NO MASK NO FUEL
মাস্ক পৰিধান কৰিলেহে গাড়ী চালকে পাব পেট্ৰ'ল
author img

By

Published : Apr 29, 2020, 6:01 PM IST

হাইলাকান্দি, 29 এপ্ৰিল : কভিড-19 য়ে সমগ্ৰ ভাৰতবৰ্ষত মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছতেই বৰ্তমান শংকিত হৈ পৰিছে জনসাধাৰণ ৷ চৰকাৰৰ ফালৰ পৰাও মহামাৰীক প্ৰতিহত কৰিবলৈ বিভিন্ন নীতি-নিৰ্দেশনাৰ লগতে দেশত অব্যাহত আছে লক-ডাউন ৷ বৰ্তমান প্ৰতিজন নাগৰিকে মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামুলক হৈ পৰিছে ৷ কিন্তু শেহেতীয়াভাবে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান নকৰিলে পেট্ৰ'ল পাম্পত পেট্ৰ'ল-ডিজেল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে ৷

মাস্ক পৰিধান কৰিলেহে গাড়ী চালকে পাব পেট্ৰ'ল

উল্লেখযোগ্য যে, কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধৰ বাবে জিলা উপায়ুক্ত কিৰ্তী জাল্লিয়ে যোৱা 17 এপ্ৰিলত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এক নিৰ্দেশ জাৰি কৰিছিল । সেই নিৰ্দেশ অনুসৰি জিলাখনৰ সকলো স্থানতে মাস্ক পৰিধান কৰাটো বাধ্যতামুলক আছিল ৷ সেই নিৰ্দেশ পালন কৰি বৰ্তমান জিলাখনৰ সকলো ডিপোত মাস্ক অবিহনে পেট্ৰ'ল-ডিজেল নিদিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ আনহাতে 17 এপ্ৰিলত জিলাখনৰ ৰাজহুৱা স্থানত থু-পিক্, খেকাৰ আদি পেলোৱাৰ লগতে সকলো ধৰণৰ নিচা জাতীয় সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ একেদৰে একেটা নিৰ্দেশতে জিলা দণ্ডাধীশ গৰাকীয়ে দুচকীয়া বাহনত দুজন ব্যক্তি উঠাটো নিষিদ্ধ কৰিছিল । আনহাতে বুধবাৰে হাইলাকান্দিৰ সামাজিক সংস্থা (EKOTA NGO) য়ে তেল ভৰাবলৈ অহা সকলো যানবাহন চালকক মাক্স প্ৰদান কৰাৰ লগতে যথে তথে থু-খেকাৰ নেপেলাৱলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কোকৰাঝাৰত দৰিদ্ৰ লোকক সাহায্য বিতৰণত কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.